ASSAM | Entry to Ausa Urdu School without permission,Abhijit Deepke is accused of illegal possession of firearms :আউছা উৰ্দু বিদ্যালয়ত অনুমতি অবিহনে প্ৰৱেশ ,অভিজিত দীপ্কেৰ বিৰুদ্ধে গোচৰ

আউছা উৰ্দু বিদ্যালয়ত অনুমতি অবিহনে প্ৰৱেশ অভিজিত দীপ্কেৰ বিৰুদ্ধে গোচৰ

গুৱাহাটী:  মহাৰাষ্ট্ৰৰ লাতুৰ জিলাৰ আউছা চহৰৰ জিলা পৰিষদ উৰ্দু বিদ্যালয়ত অনুমতি অবিহনে প্ৰৱেশ কৰি ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনা আৰু বিদ্যালয়ৰ চৰকাৰী কাম-কাজত ব্যাঘাত জন্মোৱাৰ অভিযোগত কক্ৰ’চ জনতা পাৰ্টিৰ নেতা অভিজিৎ দিপকে, দলৰ কৰ্মী অজিঙ্ক্য সিন্দে আৰু কেইবাগৰাকীও অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে আউছা আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে।

ASSAM | Entry to Ausa Urdu School without permission,Abhijit Deepke is accused of illegal possession of firearms :আউছা উৰ্দু বিদ্যালয়ত অনুমতি অবিহনে প্ৰৱেশ ,অভিজিত দীপ্কেৰ বিৰুদ্ধে গোচৰ
আৰক্ষীত দাখিল কৰা অভিযোগ অনুসৰি, যোৱা ২০ আগষ্টৰ দিনা প্ৰায় ১:১৫ বজাত অভিজিৎ দীপ্কে আৰু তেওঁৰ সহযোগীসকলে কোনো অনুমতি নোলোৱাকৈ বিদ্যালয়খনত প্ৰৱেশ কৰে। অভিযোগ অনুসৰি, তেওঁলোকে ছাত্ৰ-ছাত্ৰীৰ মাজত বহি বিভিন্ন বিষয়ত প্ৰশ্ন কৰে। ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীৰ অধ্যয়ন আৰু বিদ্যালয়ৰ নিয়মীয়া প্ৰশাসনিক কাম-কাজ ব্যাহত হোৱা বুলি অভিযোগত উল্লেখ কৰা হৈছে।

এগৰাকী মহিলা শিক্ষয়িত্ৰীয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত আউছা আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতা (BNS)-ৰ ১৩২, ৩২৯(৩), ৩৫১(২), ৩৫৬(২) আৰু ৩(৫) ধাৰাত গোচৰ ৰুজু কৰিছে। ঘটনাটোৰ সন্দৰ্ভত আউছা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। লগতে যিকোনো মুহূৰ্তত অভিজিত দীপ্কেক গ্ৰেপ্তাৰ কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে।

You might also like
Leave A Reply

Your email address will not be published.