ষ্টাফ ৰিপৰ্টাৰ, ২৩ আগষ্ট: লোকপিয়লৰ দায়িত্ব পালন কৰিবলৈ গৈ বঙাইগাঁও জিলাৰ অভয়াপুৰী সমজিলাৰ চৌটাকীত শিক্ষক ভাস্কৰ চন্দ্ৰ দাসক আক্ৰমণৰ চেষ্টা চলোৱাৰ অভিযোগক তীব্ৰ ভাষাৰে গৰিহণা দিছে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই। ঘটনাটোৰ নিৰপেক্ষ তদন্ত কৰি জড়িত ব্যক্তিক শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে সংগঠনটোৱে। মঞ্চৰ মুখ্য সভাপতি ৰঞ্জিত বৰঠাকুৰ আৰু মুখ্য সম্পাদক উৎপল চক্ৰৱৰ্তীয়ে এক প্ৰেছ বিবৃতিত কয় যে লোকপিয়লৰ দৰে ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ দায়িত্বত নিয়োজিত শিক্ষকসকলৰ ওপৰত এনে আক্ৰমণ কোনো কাৰণতে সহ্য কৰা নহ’ব।
অভিযোগ অনুসৰি, সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ ২৫৩ নং হাউছ লিষ্টিং ব্লকৰ গণনাকাৰী হিচাপে দায়িত্ব পালন কৰা শিক্ষক ভাস্কৰ চন্দ্ৰ দাসে চৌটাকীৰ লোকপিয়ল নং ২১ গৃহত গণনাৰ বাবে গৈছিল। সেই সময়তে গৃহটোৰ স্বত্বাধিকাৰী বুলি উল্লেখ কৰা বাপন ৰায় নামৰ ব্যক্তিজনে কোনো প্ৰশ্নৰ অৱতাৰণা নকৰাকৈ মাছ মৰাত ব্যৱহাৰ কৰা চোকা অস্ত্ৰৰে শিক্ষকজনক আক্ৰমণ কৰিবলৈ উদ্যত হয় বুলি অভিযোগ উত্থাপন হৈছে।
শিক্ষক মঞ্চই কয় যে ৰাষ্ট্ৰীয় দায়িত্ব পালন কৰা গণনাকাৰী শিক্ষকসকলৰ নিৰাপত্তা নিশ্চিত কৰাটো প্ৰশাসনৰ দায়িত্ব। “শিক্ষকৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো কাৰণতে আপোচ কৰা নহ’ব,” বুলি সংগঠনটোৱে স্পষ্ট কৰি দিয়ে। মঞ্চই লগতে সকীয়াই দিয়ে যে গণনাকাৰী শিক্ষকসকলৰ নিৰাপত্তা সুনিশ্চিত নহ’লে শিক্ষক সমাজে লোকপিয়লৰ কামৰ পৰা আঁতৰি অহাৰ দৰে কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য হ’ব পাৰে। ইয়াৰ পূৰ্বে দেৰগাঁৱত লোকপিয়লৰ কামত নিয়োজিত এগৰাকী শিক্ষয়িত্ৰী কুকুৰৰ আক্ৰমণত আহত হোৱা ঘটনাৰ কথাও উল্লেখ কৰি শিক্ষক মঞ্চই কয় যে এনে ঘটনাৰ ধাৰাবাহিকতাই শিক্ষক সমাজক চিন্তিত কৰি তুলিছে।
বিভিন্ন স্থানত গণনাকাৰীসকলক সহযোগিতা কৰাৰ পৰিৱৰ্তে অযথা প্ৰশ্নৰে হাৰাশাস্তি কৰাৰ অভিযোগো উত্থাপন হোৱা বুলি সংগঠনটোৱে জানিবলৈ দিয়ে। লোকপিয়লৰ কামত নিয়োজিত শিক্ষকসকলে ৰাষ্ট্ৰীয় দায়িত্ব পালন কৰি আছে আৰু সংগৃহীত তথ্য সম্পূৰ্ণৰূপে গোপনীয় বুলি উল্লেখ কৰি মঞ্চই সৰ্বস্তৰৰ ৰাইজক গণনাকাৰীসকলক সহযোগিতা কৰিবলৈ আহ্বান জনায়। লগতে লোকপিয়লৰ প্ৰক্ৰিয়াৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে চৰকাৰক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় সংগঠনটোৱে। “চৌটাকীৰ এই ঘটনাই শেষ ঘটনা হওক”—এই দাবী উত্থাপন কৰি শিক্ষক মঞ্চই কয় যে ভৱিষ্যতে এনে ঘটনা পুনৰ সংঘটিত হ’লে শিক্ষকৰ নিৰাপত্তাৰ স্বাৰ্থত সংগঠনটোৱে বিকল্প পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হ’ব।
