Assam|Piyush Hazarika: কৃষি বিভাগৰ পাঁচ বছৰীয়া ৰোডমেপ প্ৰস্তুতৰ লক্ষ্য: মন্ত্ৰী পীযুষ হাজৰীকা

Piyush Hazarika

ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ আগষ্টঃ অসমৰ কৃষিখণ্ডক অধিক লাভজনক আৰু বাণিজ্যিকভাৱে শক্তিশালী কৰাৰ লক্ষ্যৰে কৃষি বিভাগে পৰৱৰ্তী পাঁচ বছৰৰ বাবে এক সুসংহত ৰোডমেপ প্ৰস্তুতৰ উদ্যোগ লৈছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালাত অংশগ্ৰহণ কৰি কৃষিমন্ত্ৰী পীযুষ হাজৰীকাই এই কথা প্ৰকাশ কৰে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ২৫০গৰাকী প্ৰগতিশীল কৃষকে অংশগ্ৰহণ কৰা কৰ্মশালাত মন্ত্ৰীগৰাকীয়ে উচ্চ মূল্যৰ আৰু কম সময়ত উৎপাদন কৰিব পৰা শস্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়। একেখন ভূমিত বছৰত দুটা-তিনিটা শস্য উৎপাদন কৰি কৃষিৰ বহুমুখীকৰণৰ জৰিয়তে কৃষকৰ আয় বৃদ্ধিৰ ওপৰতো তেওঁ গুৰুত্ব দিয়ে।

মন্ত্ৰীগৰাকীয়ে কয় যে অসমক এখন হৰ্টিকালচাৰ হাব হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে ফলমূল, লিচু আৰু অন্যান্য উদ্যান শস্যৰ উৎপাদন বৃদ্ধিৰ পদক্ষেপ গ্ৰহণ কৰিছে। অসমত মাখনা খেতিকো মিছন মোডত আগবঢ়াই নিয়াৰ কথা ঘোষণা কৰি অহা ফেব্ৰুৱাৰীৰ পৰা কৃষকক মাখনাৰ বীজ প্ৰদানৰ ব্যৱস্থা কৰাৰ কথা জানিবলৈ দিয়ে।

ইফালে, বৰ্তমান ৰাজ্যৰ প্ৰায় ২১ শতাংশ কৃষিভূমি জলসিঞ্চনৰ আওতাত আছে বুলি উল্লেখ কৰি অহা পাঁচ বছৰত জলসিঞ্চনৰ পৰিসৰ অতিৰিক্ত ২০ শতাংশ বৃদ্ধি কৰাৰ লক্ষ্য প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। লগতে কৃষকৰ মাজত প্ৰায় ৭ কোটি ফলমূলৰ পুলি বিতৰণৰ পৰিকল্পনাৰ কথাও তেওঁ উল্লেখ কৰে।

কৃষি বিভাগৰ ভৱিষ্যৎ কাৰ্যপন্থা প্ৰস্তুত কৰাত প্ৰগতিশীল কৃষকসকলৰ মতামতক গুৰুত্ব দিয়া হ’ব বুলি উল্লেখ কৰি প্ৰতি তিনিমাহৰ মূৰে মূৰে কৃষকসকলৰ সৈতে মত-বিনিময় কৰাৰ সিদ্ধান্তৰ কথাও ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে। উৎপাদনৰ লগতে মূল্য সংযোজন, বজাৰ সংযোগ, পৰিবহন আৰু ৰপ্তানিৰ সমগ্ৰ মূল্য শৃংখলা শক্তিশালী কৰাৰ ওপৰতো চৰকাৰে গুৰুত্ব আৰোপ কৰিছে।

You might also like
Leave A Reply

Your email address will not be published.