ASSAM | Manipur Violence : মণিপুৰত পৃথক গুলীচালনাত ৪ জন কুকী লোক নিহত,আহত ৬ বছৰীয়া শিশু

ASSAM | Manipur Violence : মণিপুৰত পৃথক গুলীচালনাত ৪ জন কুকী লোক নিহত,আহত ৬ বছৰীয়া শিশু

গুৱাহাটী: মণিপুৰৰ তামেংলং জিলাত দেওবাৰে সংঘটিত দুটা পৃথক গুলীচালনাৰ ঘটনাত চাৰিজন লোক নিহত হোৱাৰ লগতে এটি ছয় বছৰীয়া এটি শিশু আহত হয়। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। এতিয়ালৈকে কোনো সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই।

টোলেন গাঁৱত দম্পতীসহ দুজন নিহত

দেওবাৰে পুৱা প্ৰায় ৫.৩০ বজাত টোলেন গাঁৱত প্ৰথমটো গুলীচালনাৰ ঘটনা সংঘটিত হয়। আৰক্ষীৰ মতে, আক্ৰমণত ৪৬ বছৰীয়া লিংজাংগাই সিংগিটক ঘটনাস্থলীতে গুলীয়াই হত্যা কৰা হয়।

তেওঁৰ স্বামী ছেইনেহ সিংগিট গুলীৰ আঘাতত গুৰুতৰভাৱে আহত হয়। পিছত তেওঁক চিকিৎসাৰ বাবে অসমৰ শিলচৰ মেডিকেল কলেজলৈ নিয়া হয় যদিও চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু ঘটে। এই আক্ৰমণত ছয় বছৰীয়া এটি শিশুও আহত হয়। বৰ্তমান শিশুটিৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।

লংপিত পুনৰ গুলীচালনা, নিহত ২

টোলেনৰ ঘটনাৰ প্ৰায় ১০ ঘণ্টা পিছত দেওবাৰে বিয়লি প্ৰায় ৩ বজাত লংপি গাঁৱতো গুলীচালনাৰ ঘটনা সংঘটিত হয়। নুংবা আৰক্ষী থানাৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ পশ্চিমে অৱস্থিত গাঁওখনত এই আক্ৰমণত এজন পুৰুষ আৰু এগৰাকী মহিলা নিহত হয়।

দুৰ্গম আৰু যান-বাহন চলাচলৰ অনুপযোগী পথৰ বাবে আৰক্ষী ঘটনাস্থলীত তাৎক্ষণিকভাৱে উপস্থিত হ’বলৈ সক্ষম নহ’ল। নুংবা আৰক্ষীয়ে সোমবাৰে পুৱা ঘটনাস্থলীত উপস্থিত হৈ তদন্ত চলোৱাৰ কথা প্ৰকাশ কৰিছে।

আক্ৰমণকাৰীক লৈ অভিযোগ

কুকি সংগঠন Western Village Volunteers (WVV)-এ নিহত দুজনক জিলি সিংচন আৰু ৰিউল গেংটে বুলি চিনাক্ত কৰিছে। সংগঠনটোৱে অভিযোগ কৰা মতে, এই আক্ৰমণত NSCN-IM আৰু ZUF-Kৰ জড়িত আছে।

মুখ্যমন্ত্ৰীৰ গুলীচালনাৰ ঘটনাক গৰিহণা

ঘটনাৰ পাছত মণিপুৰৰ মুখ্যমন্ত্ৰী ৱাই খেমচান্দ সিঙে নিৰীহ সাধাৰণ নাগৰিকৰ ওপৰত সংঘটিত হিংসাত্মক আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে।

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হয় যে নিৰীহ নাগৰিকৰ ওপৰত এনে কাপুৰুষোচিত হিংসাৰ কোনো স্থান সমাজত নাই। নিহত লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সিঙে।

You might also like
Leave A Reply

Your email address will not be published.