গুৱাহাটীঃ গুৱাহাটীৰ গ্ৰন্থপ্ৰেমীসকলৰ বাবে সুখবৰ। মহানগৰীত ছাত্ৰ-ছাত্ৰী, গৱেষক আৰু গ্ৰন্থপ্ৰেমীসকলৰ সুবিধাৰ্থে চৰকাৰে স্থাপন কৰিব ৬০ টা নতুন পুথিভঁৰাল। প্ৰস্তাৱিত পৰিকল্পনা অনুসৰি, গুৱাহাটী পৌৰ নিগমৰ প্ৰতিটো ৱাৰ্ডত এটাকৈ পুথিভঁৰাল স্থাপন কৰাৰ লক্ষ্য লোৱা হৈছে। এই পুথিভঁৰালসমূহত ছাত্ৰ-ছাত্ৰী, গৱেষক আৰু নিয়মীয়াকৈ অধ্যয়ন কৰা লোকসকলে এক উপযুক্ত পৰিৱেশ লাভ কৰিব।
অধ্যয়নৰ বাবে প্ৰয়োজনীয় সুবিধা আৰু উপযুক্ত স্থানৰ অভাৱ যাতে শিক্ষাৰ ক্ষেত্ৰত বাধা হৈ নুঠে, সেই লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। মহানগৰীৰ বিভিন্ন প্ৰান্তৰ লোকসকলৰ বাবে পুথিভঁৰালসমূহ জ্ঞান চৰ্চা আৰু অধ্যয়নৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে।
বিশেষকৈ ছাত্ৰ-ছাত্ৰী আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলোৱা যুৱক-যুৱতীসকলৰ বাবে এই পুথিভঁৰালসমূহ যথেষ্ট সহায়ক হোৱাৰ সম্ভাৱনা আছে। একেদৰে গৱেষক আৰু গ্ৰন্থপ্ৰেমীসকলেও এই সুবিধা লাভ কৰিব।
মহানগৰীত একেলগে ৬০ টা পুথিভঁৰাল স্থাপনৰ বাবে লোৱা এই পৰিকল্পনাই গুৱাহাটীত পঢ়া-শুনাৰ পৰিৱেশ অধিক শক্তিশালী কৰাৰ লগতে জ্ঞান চৰ্চাৰ সুযোগ সকলোৰে ওচৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।