Assam| Mormi Sharma’s: মৰমী শৰ্মাৰ নতুন গীত ‘ভালপোৱা কাহিনী’ উন্মোচন

Mormi Sharma's

গুৱাহাটীঃ অসমৰ সংগীত জগতলৈ নৱপ্ৰজন্মৰ কণ্ঠশিল্পী মৰমী শৰ্মাৰ নতুন উপহাৰ। গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় মৰমী শৰ্মাৰ নতুন আধুনিক গীত ‘ভালপোৱা কাহিনী’।

শ্ৰুতিমধুৰ এই গীতটো কেৱল অডিঅ’ ৰূপতে সীমাবদ্ধ নাথাকি দৃশ্য-শ্ৰাব্য ৰূপতো নিৰ্মাণ কৰা হৈছে। প্ৰেম আৰু অনুভূতিৰ আধাৰত নিৰ্মিত গীতটোৱে সংগীতপ্ৰেমীৰ মাজত বিশেষ সমাদৰ লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে আয়োজকসকলে।

‘ভালপোৱা কাহিনী’ গীতটোৰ সুৰ সংযোজন কৰিছে মৰমী শৰ্মা আৰু বুলদ্বীপ নাথে। আনহাতে গীতৰ কথা লিখিছে অলক নাথে। নৱপ্ৰজন্মৰ সংগীত ৰুচিৰ সৈতে সংগতি ৰাখি গীতটোক আকৰ্ষণীয় ৰূপত উপস্থাপনৰ চেষ্টা কৰা হৈছে।

গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত গীত উন্মোচনী অনুষ্ঠানত অসমৰ সংগীত আৰু সাহিত্য জগতৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বিশিষ্ট শিল্পী মনীষা হাজৰিকা, ডাঃ অঞ্জন জ্যোতি চৌধুৰী, বিশিষ্ট বাদ্যযন্ত্ৰ শিল্পী ৰাজা বৰুৱা আৰু লেখিকা ড° সীমা কাশ্যপকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে আনুষ্ঠানিকভাৱে গীতটো উন্মোচন কৰে।

অনুষ্ঠানটোত গীতটোৰ সৈতে জড়িত শিল্পী আৰু কলা-কুশলীসকলৰ প্ৰচেষ্টাৰো শলাগ লোৱা হয়। অনুষ্ঠানটোৰ উদ্দেশ্য আৰু আয়োজনৰ বিষয়ে ব্যাখ্যা কৰে জনসংযোগ বিভাগৰ চন্দন শইকীয়াই।

নৱপ্ৰজন্মৰ প্ৰতিভাৱান শিল্পী মৰমী শৰ্মাৰ এই নতুন প্ৰয়াসে অসমীয়া সংগীত জগতত নতুন সংযোজন ঘটোৱাৰ লগতে সংগীতপ্ৰেমীৰ হৃদয়ত স্থান লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে সংশ্লিষ্ট মহলে।

You might also like
Leave A Reply

Your email address will not be published.