Assam| Nobel Peace Prize: কোনে লাভ কৰিলে শান্তিৰ নোবেল?

Nobel Peace Prize

অছলো, ৯ অক্টোবৰ, ২০২৬: ভাৰতীয় বংশোদ্ভৱ তথা দক্ষিণ আফ্ৰিকাৰ বিশিষ্ট মানৱাধিকাৰ আইনজীৱী নাভি পিল্লাইলৈ ২০২৬ চনৰ শান্তিৰ নোবেল বঁটা আগবঢ়োৱা হৈছে। শান্তি প্ৰতিষ্ঠা, আন্তঃৰাষ্ট্ৰীয় আইন আৰু মানৱাধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে এই সন্মান আগবঢ়োৱা হৈছে পিল্লাইক।

আন্তঃৰাষ্ট্ৰীয় ন্যায় ব্যৱস্থাত পিল্লাইৰ অৱদান

নাভি পিল্লাই ৰুৱাণ্ডাৰ বাবে গঠিত আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণ আৰু আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালতৰ সৈতে জড়িত হৈ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল। তেওঁ ৰাষ্ট্ৰসংঘৰ অধিকৃত পেলেষ্টাইনী ভূখণ্ড সম্পৰ্কীয় স্বাধীন আন্তঃৰাষ্ট্ৰীয় তদন্ত আয়োগৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

মানৱাধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা

পিল্লাইৰ কৰ্মজীৱন আন্তঃৰাষ্ট্ৰীয় আইন, মানৱাধিকাৰ আৰু ন্যায়বিচাৰৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। সংঘাতৰ সময়ত মানৱাধিকাৰ উলংঘনৰ তদন্ত, দায়বদ্ধতা নিশ্চিত কৰা আৰু আইনৰ শাসন শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা বিশেষভাৱে উল্লেখযোগ্য।

বিশ্বজুৰি শান্তিৰ বাবে এক গুৰুত্বপূৰ্ণ বাৰ্তা

বিশ্বৰ বিভিন্ন প্ৰান্তত যুদ্ধ আৰু মানৱাধিকাৰ সম্পৰ্কীয় সংকট অব্যাহত থকাৰ সময়তে এই খবৰে আন্তঃৰাষ্ট্ৰীয় ন্যায় আৰু মানৱীয় মৰ্যাদাৰ গুৰুত্ব পুনৰ চৰ্চালৈ আনিছে।

You might also like
Leave A Reply

Your email address will not be published.