গুৱাহাটী, ৯ অক্টোবৰ: গুৱাহাটীৰ ছাত্ৰী হিমাশ্ৰী বড়োৰ মৃতদেহ ৰহস্যজনক অৱস্থাত অন্ধ্ৰপ্ৰদেশৰ বনাঞ্চলত উদ্ধাৰ হোৱা ঘটনাৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। লগতে এই তদন্ত প্ৰক্ৰিয়াত কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৰ সহযোগিতা বিচাৰি ড০ শৰ্মাই পত্ৰ প্ৰেৰণ কৰিছে।
সামাজিক মাধ্যমত প্ৰকাশ কৰা এক বাৰ্তাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই হিমাশ্ৰী বড়োৰ মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰে।
অন্ধ্ৰপ্ৰদেশলৈ অসম আৰক্ষীৰ জ্যেষ্ঠ বিষয়া প্ৰেৰণ
ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়াত সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে সমন্বয় স্থাপনৰ বাবে অসম আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াক অন্ধ্ৰপ্ৰদেশলৈ প্ৰেৰণ কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। অন্ধ্ৰপ্ৰদেশৰ আইন-শৃংখলা বাহিনীৰ সৈতে যোগাযোগ ৰক্ষা কৰি বিষয়টোৰ তদন্তত সহযোগিতা আগবঢ়োৱাই ইয়াৰ উদ্দেশ্য।
অসমৰ লোকৰ সুৰক্ষা সৰ্বোচ্চ অগ্ৰাধিকাৰ
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিয়ে যে অসমৰ লোকসকল ৰাজ্যৰ ভিতৰতেই হওক বা ৰাজ্যৰ বাহিৰতেই হওক, তেওঁলোকৰ সুৰক্ষা চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ। হিমাশ্ৰী বড়োৰ মৃত্যুৰ ঘটনাই শোকৰ ছাঁ পেলোৱাৰ সময়তে মুখ্যমন্ত্ৰীৰ এই পদক্ষেপে তদন্তৰ অগ্ৰগতি আৰু ঘটনাটোৰ প্ৰকৃত কাৰণ উদ্ঘাটনৰ দিশত দৃষ্টি আকৰ্ষণ কৰিছে। উল্লেখ্য় যে, অন্ধ্ৰপ্ৰদেশত এক অনুষ্ঠআনত অংশগ্ৰহণ কৰি গুৱাহাটীৰ ঘৰলৈ ওভতাৰ সময়ত ৰে’লৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈছিল হিমাশ্ৰী। পৰিয়ালৰ লোকে উদ্ধাৰৰ বাবে নানা চেষ্টা চলাইছিল যদিও অৱশেষত অন্ধ্ৰপ্ৰদেশৰ বনাঞ্চলত উদ্ধাৰ হৈছিল ছাত্ৰীগৰাকীৰ নিথৰ দেহ। জানিব পৰা মতে হিমাশ্ৰীয়ে শেষবাৰৰ বাবে পৰিয়ালৰ লোকক তেওঁ উঠা ডবাটোত কেইবাজনো সুৰাপায়ী যুৱক থকা বুলি অৱগত কৰিছিল।
