গুৱাহাটী, ১২ অক্টোবৰঃ অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোৱা হিমাশ্ৰী বড়োৰ মৃ/ত্যুৰ তদন্তৰ বাবে কঠোৰ নীতি গ্ৰহণ কৰিছে মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আজি গুৱাহাটীৰ চপাইদঙত থকা বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালটোৰ খবৰ লয়।

হিমাশ্ৰীৰ দুখীয়া পৰিয়ালটোক চৰকাৰে যি ধৰণে পাৰে সহায় কৰিব বুলিও প্ৰতিশ্ৰুতি দিয়ে মুখ্য়মন্ত্ৰীয়ে। হিমাশ্ৰীৰ মৃত্যুৰ ৰহস্য উদঘাটনৰ বাবে সম্ভৱপৰ সকলোখিনি চৰকাৰে কৰিব বুলিও কয় মুখ্যমন্ত্ৰী ড০ শৰ্মাই।