ASSAM | Four more miscreants arrested for attacking Bihua’s in Sribhumi: বিহুদলক আক্ৰমণ কৰা আৰু ৪ টা দুৰ্বৃত্ত গ্ৰেপ্তাৰ শ্ৰীভূমিত

ASSAM | Four more miscreants arrested for attacking Bihua's in Sribhumi: বিহুদলক আক্ৰমণ কৰা আৰু ৪ টা দুৰ্বৃত্ত গ্ৰেপ্তাৰ শ্ৰীভূমিত

শ্ৰীভূমি, ২৬ অক্টোবৰঃ শ্ৰীভূমিত বিহু দলৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ মাজতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে তৎপৰ হৈ পৰিছে শ্ৰীভূমি আৰক্ষী। ঘটনাটোৰ তদন্তত ক্ষিপ্ৰতা প্ৰদৰ্শন কৰি বিহু দলটোক আক্ৰমণ কৰাৰ অভিযোগত চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

প্ৰাপ্ত তথ্য অনুসৰি, নিশাৰ ভাগত আৰক্ষীয়ে অভিযান চলাই আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত সুমিত কুমাৰ দাস, অৰ্ণব কুমাৰ ৰয়, প্ৰিয়াংশু পাল আৰু প্ৰিয়াংশু দাস নামৰ চাৰিজনক আটক কৰে। পৰৱৰ্তী সময়ত তেওঁলোকক আৰক্ষীৰ জিম্মাত লৈ ঘটনাটোৰ সন্দৰ্ভত সোধা-পোছা অব্যাহত ৰখা হৈছে। ইয়াৰ পূৰ্বে বিহুদলক আক্ৰমণ কৰা ১৩ দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

উল্লেখ্য যে শ্ৰীভূমিত বিহু দলৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। এই ঘটনাক কেন্দ্ৰ কৰি বিভিন্ন মহলত উদ্বেগ প্ৰকাশ কৰাৰ লগতে দোষীসকলক চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন হৈছিল। ঘটনাটোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিয়াৰ পাছতে আৰক্ষীয়ে তদন্তৰ প্ৰক্ৰিয়া অধিক ত্বৰান্বিত কৰে। ইফালে, গ্ৰেপ্তাৰ কৰা চাৰিওজন অভিযুক্তক বৰ্তমান আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

You might also like
Leave A Reply

Your email address will not be published.