ASSAM | Jammu and Kashmir’s Chief Minister Omar Abdullah attended another wedding : আকৌ বিয়াত বহিল জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা

আকৌ বিয়াত বহিল জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা

নতুন দিল্লী, ৩১ অক্টোবৰঃ  পুনৰ বিবাহপাশত আবদ্ধ হ’ল জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা। সাংবাদিক তথা এনডিটিভিৰ প্ৰাক্তন সংবাদ পৰিৱেশিকা নিধি ৰাজদানৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে মুখ্যমন্ত্ৰীগৰাকী। শনিবাৰে সামাজিক মাধ্যমত দুয়োৰে একেলগে থকা কেইবাখনো ফটো প্ৰকাশ কৰি বিবাহৰ কথা ৰাজহুৱা কৰে ওমৰ আব্দুল্লাই।

নিজৰ সামাজিক মাধ্যমৰ পোষ্টত ওমৰ আব্দুল্লাই লিখে, “কালিৰ পৰা আৰম্ভ হ’ল এক নতুন যাত্ৰা।” ৩০ অক্টোবৰত বিবাহ সম্পন্ন হোৱাৰ কথা বিভিন্ন সংবাদ মাধ্যমৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। বিশেষ বিবাহ আইনৰ অধীনত বিবাহ সম্পন্ন হোৱা বুলি সূত্ৰৰ উদ্ধৃতি দি প্ৰকাশ কৰিছে সংবাদ মাধ্যমসমূহে।

ASSAM | Jammu and Kashmir's Chief Minister Omar Abdullah attended another wedding :আকৌ বিয়াত বহিল জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা
উল্লেখ্য যে চলিত বৰ্ষৰ ৩১ জুলাইত উচ্চতম ন্যায়ালয়ে ওমৰ আব্দুল্লা আৰু তেওঁৰ পূৰ্বৰ পত্নী পায়েল আব্দুল্লাৰ বিবাহ বিচ্ছেদৰ বিষয়টোত অনুমোদন জনাইছিল। দুয়োপক্ষৰ পাৰস্পৰিক সন্মতিৰ ভিত্তিত দীৰ্ঘদিনীয়া বৈবাহিক সম্পৰ্কৰ অৱসান ঘটিছিল। ১৯৯৪ চনত বিবাহপাশত আবদ্ধ হোৱা ওমৰ আৰু পায়েলৰ দুগৰাকী পুত্ৰ সন্তান আছে। ২০০৯ চনৰ পৰাই দুয়ো পৃথকে বসবাস কৰি আহিছিল।

আনহাতে, নিধি ৰাজদান এগৰাকী পৰিচিত সাংবাদিক আৰু প্ৰাক্তন টেলিভিছন সংবাদ পৰিৱেশিকা। তেওঁৰ সৈতে ওমৰ আব্দুল্লাৰ সম্পৰ্কক লৈ পূৰ্বৰে পৰা চৰ্চা চলি আহিছিল।

ওমৰ আব্দুল্লাৰ এই বিবাহৰ খবৰে ৰাজনৈতিক আৰু সংবাদ মহলত বিশেষ চৰ্চা লাভ কৰিছে।

You might also like
Leave A Reply

Your email address will not be published.