শিৱসাগৰ, ৩১ অক্টোবৰঃ শিৱসাগৰৰ ঐতিহ্য আৰু স্বাভিমান ৰক্ষাৰ দাবীত পুনৰ সৰৱ হৈ পৰিছে আটাছু। যমুনাৰ বেদখল উচ্ছেদৰ দাবীত কঠোৰ স্থিতি গ্ৰহণ কৰি সংগঠনটোৱে অহা ৬ নৱেম্বৰত ১২ ঘণ্টীয়া শিৱসাগৰ জিলা বন্ধৰ আহ্বান জনাইছে।
উল্লেখ্য যে, আজি জিলা আয়ুক্তই আলোচনাৰ বাবে আটাছুৰ কেন্দ্ৰীয় নেতৃবৰ্গক আমন্ত্ৰণ জনাইছিল। কিন্তু এক স্পৰ্শকাতৰ বিষয়ত সংশ্লিষ্ট পক্ষৰ অনুপস্থিতিক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অসন্তুষ্টিৰ পৰিপ্ৰেক্ষিতত ক্ষোভিত আটাছু নেতৃবৰ্গই আলোচনা কক্ষ ত্যাগ কৰে। ফলত আয়ুক্তৰ সৈতে অনুষ্ঠিত আলোচনা বিফল হয়।

বসন্ত গগৈয়ে স্পষ্ট কৰি দিয়ে যে শিৱসাগৰৰ ঐতিহ্য আৰু পৰম্পৰাৰ সৈতে কোনো পক্ষকে হেতালি খেলিবলৈ দিয়া নহ’ব। যমুনাৰ বেদখল উচ্ছেদ কৰিবই লাগিব বুলিও দৃঢ় স্থিতি প্ৰকাশ কৰে আটাছুৰ সভাপতিগৰাকীয়ে।
৬ নৱেম্বৰৰ বন্ধৰ আহ্বানে শিৱসাগৰত কেনে প্ৰভাৱ পেলায়, সেয়া হ’ব লক্ষণীয়।