বৰপেটা, ১ নৱেম্বৰ : ‘আমি এতিয়া কি কৰিম? দোষীৰ উপযুক্ত বিচাৰ হ’লেহে শান্তি পাম।’ বুকুত আপোনজনক হেৰুওৱাৰ গভীৰ বেদনা আৰু চকুত ন্যায় লাভৰ অপেক্ষা। এইদৰে কাকুতি-মিনতি কৰি ন্যায় বিচাৰিলে প্ৰয়াত ভূদেৱ ভৰালী আৰু হেলেনা ভৰালীৰ মাতৃ তুঙ্গলতা ভৰালীয়ে। আশী ঊৰ্ধ্বৰ বৃদ্ধা মাতৃগৰাকীয়ে প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰিলে নিজৰ মনৰ বেদনা আৰু ক্ষোভ।
পুত্ৰ, বোৱাৰী, নাতি-নাতিনীক হেৰুওৱাৰ শোকত ভাগি পৰা তুঙ্গলতা ভৰালীৰ হৃদয়বিদাৰক মন্তব্য, ‘অভিমন্যুৰ দৰে মোৰ পুত্ৰ, কন্যা, নাতি-নাতিনীক চক্ৰবেহুত সোমোৱাই মাৰি পেলালে।’ আপোনজনক হেৰুওৱাৰ যন্ত্ৰণা বুকুত লৈ এতিয়া কেৱল দোষীৰ কঠোৰ শাস্তিৰ অপেক্ষাত দিন পাৰ কৰিছে বৃদ্ধা মাতৃগৰাকীয়ে।
প্ৰয়াত বিলাস ভৰালীৰ পত্নী তুঙ্গলতা ভৰালীয়ে সংবাদ মাধ্যমৰ আগত কয় যে এই বৃদ্ধ বয়সত তেওঁ শান্তিৰে জীৱনৰ বাকীছোৱা সময় অতিবাহিত কৰিব বিচাৰিছিল। কিন্তু পৰিয়ালৰ ওপৰত নামি অহা এই দুৰ্যোগে তেওঁক গভীৰ অশান্তিৰ মাজলৈ ঠেলি দিছে। তেওঁৰ মতে, ঘটনাৰ সৈতে জড়িত দোষীসকলে উপযুক্ত শাস্তি নাপালে সমাজত অপৰাধ প্ৰৱণতা বৃদ্ধি পাব। সেয়েহে ন্যায় প্ৰতিষ্ঠাৰ স্বাৰ্থত সমাজৰ প্ৰতিগৰাকী সচেতন লোকক আগবাঢ়ি আহিবলৈ আহ্বান জনায় বৃদ্ধা মাতৃগৰাকীয়ে।

ইফালে, কেৱল আপোনজনক হেৰুওৱাৰ শোকেই নহয়, বৰ্তমান চৰম নিৰাপত্তাহীনতাতো ভুগিছে বৰপেটাৰ নিহত ভূদেৱ ভৰালীৰ পৰিয়াল। এক অজান আতংক আৰু আশংকাৰ মাজতে নিশা কটাবলগীয়া হৈছে পৰিয়ালটোৰ সদস্যসকলে। আজি সংবাদ মাধ্যমৰ সন্মুখত এই উদ্বেগ প্ৰকাশ কৰে ভূদেৱ ভৰালীৰ কন্যা অংকিতা ভৰালীয়ে।
অংকিতাই জানিবলৈ দিয়া মতে, বৰ্তমান তেওঁলোকৰ পৰিয়ালৰ নিৰাপত্তাক লৈ যথেষ্ট চিন্তিত। আপোনজনক হেৰুওৱাৰ পাছত পৰিয়ালটোৱে স্বাভাৱিক জীৱনলৈ উভতি যাবলৈ চেষ্টা কৰিলেও নিৰাপত্তাহীনতাৰ পৰিৱেশে তেওঁলোকক মানসিকভাৱে বিপৰ্যস্ত কৰি তুলিছে।
সমগ্ৰ ঘটনাৰ শীঘ্ৰে আৰু নিৰপেক্ষ তদন্ত সম্পন্ন কৰাৰ লগতে হত্যাকাণ্ডৰ সৈতে জড়িত প্ৰতিগৰাকী দোষীক চিনাক্ত কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ চৰকাৰ আৰু আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনাইছে পৰিয়ালটোৱে।