Assam | হোটেল ভাড়াক লৈ মালিকৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ জোনমণিৰ

হোটেল ভাড়াক লৈ মালিকৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ জোনমণিৰ

 

গুৱাহাটী, ২ নৱেম্বৰঃ হোটেল ভাড়াক কেন্দ্ৰ কৰি হোটেলৰ মালিকৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ঘনকান্ত গগৈৰ পত্নী জোনমণি গগৈয়ে। সংবাদ মাধ্যমৰ আগত তেওঁ দাবী কৰে যে, ঘনকান্ত গগৈয়ে হোটেলখন এৰি দিয়াৰ কথা কেতিয়াও কোৱা নাছিল। বৰঞ্চ প্ৰদান কৰা ছিকিউৰিটি মানিৰ পৰা হোটেলৰ ভাড়া কৰ্তন কৰি বাকী থকা ধন ঘূৰাই বিচাৰিছিল।

জোনমণিৰ ভাষ্য অনুসৰি, পাবলগীয়া ধন সম্পূৰ্ণকৈ আদায় নোপোৱালৈকে হোটেলখন চলাই নিয়াৰ কথাও জনাইছিল ঘনকান্তই। হোটেলৰ মালিকে মুখামুখিকৈ কথা পাতিব বিচাৰিছিল যদিও অন্য কাম থকাৰ বাবে সেই সময়ত যাব নোৱাৰিব বুলি জনাইছিল তেওঁ। কিন্তু সেইদিনা তেওঁলোকক জোৰ-জবৰদস্তি মাতি নিয়া হৈছিল বুলি অভিযোগ কৰে জোনমণিয়ে।

আনহাতে, হোটেলখন মালিকে আন এজনক ভাড়াত দিয়াৰ কথা প্ৰায় তিনি মাহ পিছতহে ঘনকান্ত আৰু তেওঁৰ পৰিয়ালে জানিব পাৰিছিল বুলি দাবী কৰে জোনমণিয়ে। হোটেলখন আনক কিয় ভাড়াত দিয়া হ’ল বুলি প্ৰশ্ন কৰাৰ লগতে নিজৰ পকেটৰ পৰা ধন দি যাব নোৱাৰোঁ বুলিও ঘনকান্তই কৈছিল বুলি তেওঁ উল্লেখ কৰে।

হোটেলখনলৈ গ্ৰাহকৰ আগমন একেবাৰে কম আছিল বুলি দাবী কৰি জোনমণিয়ে কয় যে, ইতিমধ্যে দুই-তিনি মাহৰ ভাড়া পৰিশোধ কৰা হৈছিল। আনকি জুলাই মাহতো ২ৰ পৰা ২.৫ লাখ টকা দিয়া হৈছিল বুলি তেওঁ দাবী কৰে।

জোনমণিয়ে কয় যে, হোটেলখনৰ চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰিলেই প্ৰকৃত ঘটনা পোহৰলৈ আহিব। মুখ্যমন্ত্ৰীয়ে তদন্ত কৰিলেও সকলো কথা স্পষ্ট হ’ব বুলি মন্তব্য কৰে তেওঁ। লগতে ঘনকান্ত গগৈ নিজে সেইদিনা যোৱা নাছিল বুলিও দাবী কৰে পত্নী জোনমণি গগৈয়ে। ইফালে ভাড়াঘৰৰ মালিকে কৰা অভিযোগো প্ৰায় ৮০ শতাংশই মিছা বুলি দাবী কৰে জোনমণি গগৈয়ে।

You might also like
Leave A Reply

Your email address will not be published.