ফটকাৰ শব্দত কাৰ টোপনি ভাঙিল?
গুৱাহাটী, ৯ নৱেম্বৰঃ ফটকাৰ শব্দত নিশাৰ টোপনি হেৰাল শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। নিশা ফটকাৰ শব্দৰ মাজতে মনত পৰিল শিৱসাগৰ-চৰাইদেউৰ বানপীড়িত ৰাইজৰ কথা, লগতে মনত পৰিল প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগ। এই কথা উল্লেখ কৰি সামাজিক মাধ্যম ফেচবুকত এটা দীঘলীয়া পোষ্ট লিখি চৰকাৰক তীব্ৰ সমালোচনা কৰে বিধায়কগৰাকীয়ে।
ফেচবুক পোষ্টটোত অখিল গগৈয়ে কয় যে কালি নিশা ফটকাৰ শব্দত শুব নোৱাৰি বিচনাত বাগৰি থাকোঁতে তেওঁৰ মনত হেনো কেৱল বানপীড়িত ৰাইজ আৰু জুবিন গাৰ্গৰ কথাই ভাঁহি আহিছিল।
শিৱসাগৰ-চৰাইদেউৰ বানবিধ্বস্ত লোকসকলে তিনি মাহ ২৩ দিন উকলি যোৱাৰ পাছতো এটকাও ক্ষতিপূৰণ লাভ কৰা নাই বুলি অভিযোগ কৰে বিধায়কগৰাকীয়ে। আনকি বহু বানপীড়িতই মাটিত শুবলগীয়া হৈছে আৰু তেওঁলোকৰ হাতত গৰম কাপোৰো নাই বুলি উল্লেখ কৰি চৰকাৰৰ নিৰ্লিপ্ততাক সমালোচনা কৰে তেওঁ।
ইফালে, জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো ন্যায় নোপোৱাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে অখিল গগৈয়ে। গোচৰৰ অগ্ৰগতি আৰু মুখ্যমন্ত্ৰীৰ বক্তব্যই অসমবাসীৰ মাজত আশংকাৰ সৃষ্টি কৰা বুলি উল্লেখ কৰি বিজেপি চৰকাৰৰ পৰা ন্যায় লাভৰ আশা ক্ৰমাৎ ক্ষীণ হোৱা বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে।
পোষ্টটোৰ শেষত জুবিন গাৰ্গৰ প্ৰতি আবেগিক বাৰ্তা দি অখিল গগৈয়ে কয় যে সুখৰ দিনত বিশেষ সংগ দিব নোৱাৰিলেও দুখৰ দিনত তেওঁ জুবিনদাৰ সৈতে আছে আৰু ন্যায় নোপোৱালৈকে থাকিব।
একেদৰে বানবিধ্বস্ত ৰাইজৰ ক্ষতিপূৰণৰ দাবীত মৰণপণ যুঁজ দিয়াৰ প্ৰতিশ্ৰুতিও দিয়ে শিৱসাগৰৰ বিধায়কগৰাকীয়ে।