দীপাৱলীৰ আনন্দৰ মাজতে ৰাজ্যত ১১২টা অগ্নিকাণ্ডৰ ঘটনা

দীপাৱলীৰ আনন্দৰ মাজতে ৰাজ্যত ১১২টা অ/গ্নি/কাণ্ডৰ ঘটনা

গুৱাহাটী, ৯ নৱেম্বৰঃ  পোহৰৰ উৎসৱ দীপাৱলীৰ আনন্দ-উল্লাসৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হ’ল ইটোৰ পাছত সিটো অ/গ্নি/কাণ্ডৰ ঘটনা। কেৱল ৮ নৱেম্বৰ দিনটোতে অসমত সংঘটিত হয় মুঠ ১১২টা অ/গ্নি/কাণ্ড। ইয়াৰে ৪৯টা অ/গ্নি/কাণ্ডৰ সূত্ৰপাত ঘটে ফটকাৰ জুইৰ পৰা। ৰাজ্যৰ অগ্নিনিৰ্বাপক আৰু দুৰ্যোগ ব্যৱস্থাপনা সঞ্চালকালয়ে প্ৰকাশ কৰিছে এই উদ্বেগজনক তথ্য।

সঞ্চালকালয়ৰ তথ্য অনুসৰি, সৰ্বাধিক ২২টা অগ্নিকাণ্ড সংঘটিত হৈছে কামৰূপ মহানগৰ জিলাত। ইয়াৰ উপৰি লখিমপুৰ, পাঠশালা আৰু চিলাপথাৰতো ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। দীপাৱলীৰ আনন্দৰ মাজতে সংঘটিত এই অগ্নিকাণ্ডসমূহে বহু লোকৰ সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন কৰে।

আনহাতে, অগ্নিকাণ্ডৰ ঘটনাক কেন্দ্ৰ কৰি বজালী জিলা প্ৰশাসনে তাৎক্ষণিকভাৱে জিলাখনত ফটকাৰ বিক্ৰী বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Related Posts

দীপাৱলীৰ আনন্দৰ মাজতে ৰাজ্যত ১১২টা অগ্নিকাণ্ডৰ ঘটনা
ইফালে, কামৰূপ মহানগৰ জিলাৰ ১২ মাইলত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত জুইৰ মাজত আৱদ্ধ হৈ পৰে এজন বৃদ্ধ লোক। অগ্নিকাণ্ডত গুৰুতৰভাৱে আহত ৰতন শৰ্মা নামৰ লোকজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

গুৱাহাটীৰ পানবজাৰতো সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা। ফটকাৰ জুইৰ পৰা সূত্ৰপাত হোৱা এই অগ্নিকাণ্ডত কটন বিশ্ববিদ্যালয়ৰ সমীপৰ এটা জুপুৰী ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

একেদৰে ধেমাজি জিলাৰ চিমেন চাপৰিত সংঘটিত আন এক ভয়ংকৰ অগ্নিকাণ্ডত জুইত জাহ যায় সাতখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান।

দীপাৱলীৰ আনন্দৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ঘটনাই পুনৰ এবাৰ ফটকা-আতচবাজীৰ ব্যৱহাৰৰ সময়ত সতৰ্কতা অৱলম্বনৰ প্ৰয়োজনীয়তা স্পষ্ট কৰি তুলিছে।

You might also like
Leave A Reply

Your email address will not be published.