টেঙাখাতৰ বিস্ফোৰণত মৃতকৰ সংখ্যা ৫ জনলৈ বৃদ্ধি

টেঙাখাতৰ বিস্ফোৰণত মৃতকৰ সংখ্যা ৫ জনলৈ বৃদ্ধি

ডিব্ৰুগড়, ১০ নৱেম্বৰঃ  ডিব্ৰুগড় জিলাৰ টেঙাখাতত যোৱা ৪ নৱেম্বৰত সংঘটিত ভয়ংকৰ বিস্ফোৰণৰ ঘটনাত মৃতকৰ সংখ্যা ৫ জনলৈ বৃদ্ধি পাইছে। আজি চিকিৎসাধীন অৱস্থাত পুনৰ এগৰাকী শ্ৰমিকৰ মৃত্যু হোৱাত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

মৃত শ্ৰমিকজন হৈছে ৩৯ বছৰীয়া কুমুদ গগৈ। টেঙাখাতৰ বৰবিল দীঘলীয়া নিৱাসী কুমুদ গগৈ ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। কিন্তু আজি চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।

Related Posts

টেঙাখাতৰ বিস্ফোৰণত মৃতকৰ সংখ্যা ৫ জনলৈ বৃদ্ধি
উল্লেখ্য যে, ৪ নৱেম্বৰত সংঘটিত এই বিস্ফোৰণৰ ঘটনাত মুঠ ৯ গৰাকী শ্ৰমিক আহত হৈছিল। ইয়াৰে ইতিমধ্যে ৫ গৰাকীয়ে মৃত্যুক আঁকোৱালি লৈছে। ইয়াৰ পূৰ্বে মৃত্যু হৈছিল ৰাজু দত্ত, ৰূপম গোহাঁই, তাপস জ্যোতি গগৈ আৰু শৈলেন গগৈৰ।

ইফালে, বিস্ফোৰণত গুৰুতৰভাৱে আহত আন এগৰাকী শ্ৰমিক ইন্দ্ৰ গগৈক উন্নত চিকিৎসাৰ বাবে এয়াৰ এম্বুলেন্সযোগে নতুন দিল্লীলৈ প্ৰেৰণ কৰা হৈছে। এই শোকাৱহ ঘটনাক লৈ অইল কৰ্তৃপক্ষই ইতিমধ্যে উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে। লগতে ঘটনাৰ সৈতে জড়িত ৪ গৰাকী কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে।

আনহাতে, নিহত শ্ৰমিকসকলৰ পৰিয়াললৈ অইল কৰ্তৃপক্ষই ১০ লাখ টকাকৈ এককালীন আৰ্থিক সাহায্য ঘোষণা কৰাৰ বিপৰীতে আহত শ্ৰমিকসকললৈ ৫ লাখ টকাকৈ সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।

You might also like
Leave A Reply

Your email address will not be published.