কাইলৈ গুৱাহাটীত সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ অধিৱেশন
শিক্ষক শিক্ষাৰ্থী আৰু শিক্ষানুষ্ঠানৰ বিভিন্ন সমস্যাৰ ওপৰত হ’ব আলোচনা*
গুৱাহাটী, ১০ নৱেম্বৰঃ গুৱাহাটী মহানগৰীৰ চান্দমাৰীত অৱস্থিত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ কাৰ্যালয় শিক্ষক ভৱনত কাইলৈ অনুষ্ঠিত হ’ব অসমৰ বাৰটা শিক্ষক সংগঠনৰ একত্ৰিত সংগঠন সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ তৃতীয় দ্বি -বাৰ্ষিক অধিবেশনখন অনুষ্ঠিত হ’ব । অধিৱেশনৰ উপলক্ষে অনুষ্ঠিত হ’বলগীয়া সাধাৰণ সভাত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ অংশগ্ৰহণ কৰিব ।
মঞ্চৰ বিষয়ববীয়া, সদস্য, সদস্যা উপৰিও প্ৰতিটো শিক্ষক সংগঠনৰ পাঁচজনকৈ প্ৰতিনিধি অধিৱেশনত অংশগ্ৰহণ কৰিব । মঞ্চৰ প্ৰাক্তন বিষয়ববীয়াৰ লগতে বিভিন্ন শিক্ষক সংগঠনৰ দৰ্শক প্ৰতিনিধিয়ে সভাত অংশগ্ৰহণ কৰিব । ৰাজ্যখনৰ শিক্ষাৰ্থী, শিক্ষক আৰু শিক্ষানুষ্ঠানৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত শিক্ষক মঞ্চই ভৱিষ্যতৰ পৰিকল্পনা যুগুত কৰিব এই অধিৱেশনত । প্ৰাথমিক স্তৰৰ পৰা ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠান সমূহৰ ওপৰত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ মাজত আস্থা আৰু বিশ্বাস কিদৰে অটুট ৰাখিব পাৰি তাৰ চৰ্চা কৰা হ’ব ।
