গুৱাহাটীত সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ তৃতীয় দ্বি বাৰ্ষিক অধিৱেশন সম্পন্ন
গুৱাহাটী: গুৱাহাটী মহানগৰীৰ চান্দমাৰীত অৱস্থিত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ কাৰ্যালয় শিক্ষক ভৱনত আজূ অনুষ্ঠিত হয় অসমৰ বাৰটা শিক্ষক সংগঠনৰ একত্ৰিত সংগঠন সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ তৃতীয় দ্বি -বাৰ্ষিক অধিবেশনখন অনুষ্ঠিত হয় ।
অধিৱেশনৰ উপলক্ষে অনুষ্ঠিত হোৱা সাধাৰণ সভাত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ অংশগ্ৰহণ কৰি ৰাজ্যখনৰ শিক্ষক, শিক্ষাৰ্থী আৰু শিক্ষানুষ্ঠাৰ বিভিন্ন সমস্যাৰ ওপৰত বক্তব্য আগবঢ়ায় । বিশেষকৈ প্ৰাথমিক স্তৰত বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰা , শিক্ষক বাবে সমন্বিত সেৱা বিধিত পদোন্নতিৰ ব্যৱস্থা কৰা ,তৰিৎ গতিত উন্নয়নৰ জৰিয়তে চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান সমূহৰ উন্নয়ন সম্ভৱ হ’ব বুলি মত পোষণ কৰে ।
শিক্ষক চাকৰি সুৰক্ষিত কৰি ভৱিষ্যতে ৰাজ্যখন শিক্ষাৰ সমস্যা নোহোৱা কৰা হ’ব বুলি ভাষণত কয় । মঞ্চৰ বিষয়ববীয়া, সদস্য, সদস্যা উপৰিও প্ৰতিটো শিক্ষক সংগঠনৰ পাঁচজনকৈ প্ৰতিনিধি অধিৱেশনত অংশগ্ৰহণ কৰে । মঞ্চৰ প্ৰাক্তন বিষয়ববীয়াৰ লগতে বিভিন্ন শিক্ষক সংগঠনৰ দৰ্শক প্ৰতিনিধিয়ে সভাত অংশগ্ৰহণৰে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে । ৰাজ্যখনৰ শিক্ষাৰ্থী, শিক্ষক আৰু শিক্ষানুষ্ঠানৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত শিক্ষক মঞ্চই ভৱিষ্যতৰ পৰিকল্পনা যুগুত কৰি তাৰ পৰিকল্পনা যুগুত কৰে এই অধিৱেশনত ।
প্ৰাথমিক স্তৰৰ পৰা ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠান সমূহৰ ওপৰত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ মাজত আস্থা আৰু বিশ্বাস কিদৰে অটুট ৰাখিব পাৰি তাৰ চৰ্চা কৰা হয় । বিদ্যালয় একত্ৰিকৰণৰ জড়িয়তে বিদ্যালয় বিলুপ্তিকৰণৰ , ছাত্ৰ – ছাত্ৰীৰ সমসাজৰ মানদণ্ড, শিক্ষকক বিদ্যালয়ৰ আন্তঃগাঁথনি, মধ্যহ্ন ভোজন আঁচনিত ঠিকাদাৰ হিচাপে ব্যৱহাৰ কৰা , শিক্ষকৰ পদোন্নতিৰ, শিক্ষকৰ শ্ৰেণীৰ বিভাজন হ্ৰাস কৰা , শিক্ষাসেতুৰ বাবে সকলো শিক্ষানুষ্ঠানত সকলো চৰকাৰী কাম কাজ কৰিব পৰা নতুন টেবলেটৰ যোগান ধৰা , বিদ্যালয় প্ৰধান নিযুক্তি দিয়া , খালী পদত নিযুক্তি দিয়া , বিশেষ আৰু আৰ্জিত ছুটী আন কৰ্মচাৰীৰ সমানে প্ৰদান কৰা , প্ৰাথমিক স্তৰত বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰা , পুৰণি পেঞ্চন আঁচনি ৰূপায়ণ কৰা, টেট্ শিক্ষকৰ সমস্যা সমাধান কৰা, সপ্তম দৰমহা আয়োগৰ প্ৰতিবেদনৰ আসোঁৱাহ নিৰাময় কৰি অষ্টম দৰমহা আয়োগত শিক্ষকক বিশেষ মৰ্যাদা সম্পন্ন সেৱা হিচাপে স্বীকৃতি দিয়া, প্ৰাথমিক স্তৰত চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী নিযুক্ত দিয়া, প্ৰতি মাহত শিক্ষাৰ্থীৰ স্বাস্থ্য পৰীক্ষা কৰা আৰু বছৰত এবাৰ শিক্ষামূলক ভ্ৰমণৰ ব্যৱস্থা কৰা আদি সমস্যা সমূহৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয় ।
লগতে অনুষ্ঠিত বিষয় বাচনি সভাত আগন্তুক কাৰ্যকালৰ বাবে ৰাতুল চন্দ্ৰ গোস্বামী মুখ্য সভাপতি আৰু উৎপল চক্ৰৱৰ্তী মুখ্য সম্পাদক , নৰেশ হাজৰিকা কোষাধ্যক্ষ আৰু কুলজিৎ ঠাকুৰীক প্ৰচাৰ সম্পাদক হিচাপে মনোনীত কৰে । মুখ্য সভাপতি ৰঞ্জিত বৰঠাকুৰৰ সভাপতিত্বত বহা সভাত প্ৰতিষ্ঠাপক মুখ্য সম্পাদক চৈয়দ আনিচুৰ ৰহমান আৰু বিদায়ী মুখ্য সভাপতি ৰঞ্জিত বৰঠাকুৰক বিদায় সম্বৰ্ধনা জনোৱা হয় ।
সভা মুকলি কৰে মঞ্চৰ কোষাধ্যক্ষ দ্বীপেন শৰ্মাই স্মৃতি তৰ্পণ কৰে প্ৰচাৰ সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে। মঞ্চৰ সম্পাদক প্ৰয়াত জয়ন্ত কুমাৰ দাসৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে দাসৰ সহধৰ্মিনী জুৰি কলিতাই । মুখ্য সভাপতি ৰঞ্জিত বৰঠাকুৰ ৰাতিপুৱা পতাকা উত্তোলনৰে আজিৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে মঞ্চৰ মুখ্য সভাপতি ৰঞ্জিত বৰঠাকুৰ আৰু মুখ্য সম্পাদক উৎপল চক্ৰৱৰ্তীয়ে এই কথা প্ৰকাশ কৰে ।