নিশা ১০ বজাৰ ভিতৰত সামৰিব লাগিব সাংস্কৃতিক অনুষ্ঠান
বৰপেটা, ২৪ নৱেম্বৰ: আগন্তুক ৰাস মহোৎসৱৰ প্ৰাকক্ষণত বৰপেটা জিলাত আইন-শৃংখলা আৰু ৰাজহুৱা শান্তি-শৃংখলা অটুট ৰখাৰ লক্ষ্যৰে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে জিলা প্ৰশাসনে। এতিয়াৰে পৰা জিলাখনত নিশা ১০ বজাৰ পিছত কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান, সংগীতানুষ্ঠান, মঞ্চ অনুষ্ঠান, মেলা তথা অন্যান্য মনোৰঞ্জনমূলক কাৰ্যসূচী চলাব নোৱাৰিব।
ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ২০২৩-ৰ ১৬৩(১) আৰু ১৬৩(৩) ধাৰাৰ অধীনত প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি বৰপেটাৰ জিলা আয়ুক্ত তথা জিলা দণ্ডাধীশ নৱদীপ পাঠকে ২৩ নৱেম্বৰত এই নিৰ্দেশ জাৰি কৰে। নিৰ্দেশনাটো তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাৰ লগতে পৰৱৰ্তী তিনিমাহলৈ বলৱৎ থাকিব।
জিলা প্ৰশাসনৰ নিৰ্দেশনা অনুসৰি, বৰপেটা জিলাৰ সকলো স্থানতে নিশা ১০ বজাৰ ভিতৰত সাংস্কৃতিক অনুষ্ঠান, সংগীতানুষ্ঠান আৰু মঞ্চ অনুষ্ঠান সামৰিব লাগিব। এই নিৰ্দেশ সকলো আয়োজক সমিতি, অনুষ্ঠানৰ আয়োজক আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই কঠোৰভাৱে মানি চলিব লাগিব। অৱশ্যে বিশেষ পৰিস্থিতিত কোনো অনুষ্ঠানৰ বাবে সময়সীমা শিথিল কৰাৰ প্ৰয়োজন হ’লে জিলা দণ্ডাধীশৰ পূৰ্বানুমতি আৰু নিৰ্ধাৰিত চৰ্ত অনুসৰিহে ৰেহাই লাভ কৰিব পাৰিব।
নিৰ্দেশনাটোত উল্লেখ কৰা অনুসৰি, নিশা ১০ বজাৰ পিছতো এনে অনুষ্ঠান অব্যাহত থাকিলে সাধাৰণ ৰাইজৰ অসুবিধা হোৱাৰ লগতে ৰাজহুৱা শান্তি-শৃংখলা বিঘ্নিত হোৱাৰ আশংকা আছে। তদুপৰি শীতকালত ঘন কুঁৱলীৰ বাবে পথ দুৰ্ঘটনাৰ সম্ভাৱনা বৃদ্ধি পোৱাৰ বিষয়টোও গুৰুত্বসহকাৰে বিবেচনা কৰিছে জিলা প্ৰশাসনে।
নিৰ্দেশনাৰ সঠিক ৰূপায়ণ নিশ্চিত কৰিবলৈ জিলাখনৰ সকলো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক দায়িত্ব অৰ্পণ কৰা হৈছে। একেদৰে সংশ্লিষ্ট ৰাজহ চক্ৰ বিষয়াসকলেও নিজ নিজ এলেকাত নিৰ্দেশনাৰ পালন আৰু তদাৰক কৰিব লাগিব।
ইফালে, এই নিৰ্দেশনা উলংঘা কৰা ব্যক্তি বা অনুষ্ঠানৰ আয়োজক সমিতিৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা, ২০২৩-ৰ ২২৩ ধাৰাকে ধৰি প্ৰযোজ্য আইনৰ অধীনত কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি স্পষ্ট কৰি দিছে জিলা দণ্ডাধীশে।
ৰাস মহোৎসৱক কেন্দ্ৰ কৰি বৰপেটা জিলাত ব্যাপক সাংস্কৃতিক আৰু ধৰ্মীয় কাৰ্যসূচীৰ আয়োজনৰ প্ৰস্তুতি চলি থকাৰ সময়তে জিলা প্ৰশাসনৰ এই নিৰ্দেশনাই বিশেষ তাৎপৰ্য বহন কৰিছে। এতিয়া প্ৰশাসনৰ এই সময়সীমা মানি অনুষ্ঠানসমূহ পৰিচালনা কৰাটো আয়োজক সমিতিসমূহৰ বাবে বাধ্যতামূলক হৈ পৰিব।