২৪ ঘণ্টাৰ ভিতৰত বিধানসভাৰ উপাধ্যক্ষ পদৰ পৰা ডাঃ হাবে টেৰণৰ পদত্যাগ কৰক
গুৱাহাটী, ২৫ নৱেম্বৰঃ অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ হাবে টেৰণৰ বিৰুদ্ধে উত্থাপিত অভিযোগক কেন্দ্ৰ কৰি সৰৱ হৈ পৰিছে প্ৰদেশ মহিলা কংগ্ৰেছ। আজি গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে উপাধ্যক্ষগৰাকীক ২৪ ঘণ্টাৰ ভিতৰত পদত্যাগ কৰিবলৈ দাবী জনায়।
বৰঠাকুৰে কয় যে মহিলাক প্ৰৱঞ্চনা কৰাৰ অভিযোগত অভিযুক্ত এগৰাকী ব্যক্তিৰ বিধানসভাৰ উপাধ্যক্ষৰ দৰে সন্মানীয় পদত অধিষ্ঠিত হৈ থকাৰ নৈতিক অধিকাৰ নাই। লগতে অসম আৰক্ষীক নিজাববীয়াকৈ গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত কৰাৰ দাবী জনায়।
সংবাদমেলত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াক প্ৰত্যাহ্বান জনাই তেওঁ প্ৰশ্ন কৰে, “ডাঃ হাবে টেৰণ প্ৰকৃত বিজেপি নে ভেজাল বিজেপি?” বিজেপিত কোনো বেয়া মানুহ থাকিব নোৱাৰে বুলি কৰা মন্তব্যৰ পৰিপ্ৰেক্ষিতত সভাপতিগৰাকীয়ে এই বিষয়ত স্পষ্টীকৰণ দিব লাগে বুলিও দাবী জনায়।
আনহাতে, বিজেপি মহিলা মৰ্চাৰ ভূমিকাক সমালোচনা কৰি বৰঠাকুৰে প্ৰশ্ন কৰে যে নাৰী সুৰক্ষাৰ কথা কোৱা মহিলা মৰ্চাই হাবে টেৰণৰ পদত্যাগ দাবী কৰি প্ৰতিবাদ কৰিবনে নাই। মুখ্যমন্ত্ৰীয়েও এই অভিযোগৰ ক্ষেত্ৰত নিজৰ স্থিতি স্পষ্ট কৰিব লাগে বুলি তেওঁ মন্তব্য কৰে।
উল্লেখ্য যে, এই সন্দৰ্ভত মঙলবাৰে নিশা মুখ্যমন্ত্ৰী আৰু অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকালৈ ই-মেইল আৰু হোৱাটছএপযোগে পত্ৰ প্ৰেৰণ কৰা বুলি সংবাদমেলত সদৰী কৰে বৰঠাকুৰে।
শেষত নাৰী সুৰক্ষাৰ বিষয়টো ৰাজনীতিৰ ঊৰ্ধ্বত ৰাখি সকলোকে মাত মাতিবলৈ আহ্বান জনাই মীৰা বৰঠাকুৰে সমগ্ৰ ঘটনাৰ নিৰপেক্ষ তদন্ত আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।