স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আন এক বৃহৎ সফলতা

ব্যুৰ’ ৰিপৰ্ট, এন ই ভাৰত

তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত টিংকুপানী সংৰক্ষিত বনাঞ্চলত অসম ৰাইফলছ আৰু তিনিচুকীয়া আৰক্ষীৰ যৌথ অভিযান। অভিযানত অস্ত্ৰ-শস্ত্ৰসহ চাৰি দুৰ্ধৰ্ষ ENNG (Eastern Naga national Government) উগ্ৰপন্থীক আটক।ধৃত উগ্ৰপন্থী সদস্য কেইজনৰ পৰা ২৯৪ টা সক্ৰিয় গুলী,তিনিটা AK 81 ৰাইফল আৰু মেগজিনসহ বহু আপত্তিজনক সামগ্ৰী জব্দ কৰা হয়। আটকাধীন উগ্ৰপন্থী সদস্য কেইজন ক্ৰমে খালোৰ উমাল গাংছা(২৭),ৱাকা চপৰ উষা গাংছা (৪৮),পাগাং গাংছা (১৯) আৰু খাচাৰ যামগাং গাংছা (২৬)।
আটাইকেইজন অৰুণাচলৰ লংডিং জিলাৰ বুলি আৰক্ষী সূত্ৰই জনাইছে।।

You might also like
Leave A Reply

Your email address will not be published.