প্ৰদেশ কংগ্ৰেছত আকৌ মোক্ষম আঘাত

অসম প্ৰদেশ কংগ্ৰেছত এইবাৰ আন এক মোক্ষম আঘাত। সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী,প্ৰাক্তন সাংসদ তথা বৰাকৰ শক্তিশালী নেত্ৰী সুস্মিতা দেৱে ত্যাগ কৰিলে কংগ্ৰেছ। আজি নিজৰ টুইটাৰ একাউণ্টত নিজকে প্ৰাক্তন কংগ্ৰেছী বুলি পুৱাই উল্লেখ কৰা সুস্মিতা দেৱে ইতিমধ্যে নিজৰ পদত্যাগ পত্ৰ ছোনিয়া গান্ধীলৈ প্ৰেৰণ কৰিছে।কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিলে সুস্মিতাই। সুস্মিতা দেৱে অচিৰেই মমতা বেনাৰ্জীৰ সৈতে বৈঠকত মিলিত হ’ব।ত্ৰিপুৰাৰ তৃণমূল কংগ্ৰেছৰ দায়িত্ব দিয়াৰ সম্ভাৱনা সুস্মিতা দেৱক।।

You might also like
Leave A Reply

Your email address will not be published.