ইন্টাৰপ’লক প্ৰেচিডেণ্ট গনিক গ্ৰেপ্তাৰৰ দাবী

ইন্টাৰনেচনেল ডেস্ক-

তালিবানীৰ দখলৰ পাছত আফগানিস্তান এৰি পলায়ন কৰা ৰাষ্ট্ৰপতি আশ্ৰফ গনিৰ লগতে দশখনৰ জাতীয় নিৰাপত্তা উপদেষ্টা হামদুল্লা মোহিব আৰু ৰাষ্ট্ৰপতিৰ প্ৰাক্তন মুখ্য উপদেষ্টা ফাজেল মাহমুদক গ্ৰেপ্তাৰৰ বাবে ইন্টাৰপ’লক দাবী কৰিছে তাজিকিস্তানস্থিত আফগান দূতাবাসে।দেশৰ সম্পত্তি চুৰিৰ অভিযোগত এই গ্ৰেপ্তাৰৰ দাবী টোলা হৈছে।
উল্লেখযোগ্য যে,আফগানিস্তান এৰি পলায়নৰ পৰত ৰাষ্ট্ৰপতি গনিয়ে চাৰিখন গাড়ী আৰু এখন হেলিকপ্তাৰত টকা লৈ উধাও হৈছিল বুলি ৰাছিয়াৰ দূতাবাসে অভিযোগ আনিছিল। ইয়াৰ পাছতে ৰাষ্ট্ৰপতি গনিয়ে ওমানত আশ্ৰয় বিচাৰিছিল যদিও তাত আশ্ৰয় নিদিয়াত তাজিকিস্তানলৈ গতি কৰে।আফগানিস্তানৰ সংবাদ মাধ্যমে বৰ্তমান ৰাষ্ট্ৰপতি গনি তাজিকিস্তান অথবা উজবেকিস্তানত থকাৰ সন্দেহ কৰিছে যদিও প্ৰকৃততে ক’ত আশ্ৰয় লৈছে নিশ্চিত কৰিব পৰা নাই।।

You might also like
Leave A Reply

Your email address will not be published.