টকিঅ’ পেৰালিম্পিকত ইতিহাস ৰচি ফাইনেলত ভাৰতীয় ভাৱনা

টকিঅ’ত আকৌ এগৰাকী ভাৰতীয়ৰ স্বৰ্ণ জয়ৰ পথ প্ৰশস্ত। চলিত টকিঅ’ পেৰালিম্পিকত আজি পুৱাই টেবুল টেনিছৰ ক্লাছ ফ’ৰ ইভেণ্টৰ ছেমি ফাইনেলত বিশ্বৰ ৩ নং স্থানৰ খেলুৱৈ চীনৰ ঝাং মিয়াওক ৩-২ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতৰ ৩৪ বছৰীয়া ভাৱনা পেটেলে।পেৰালিম্পিকৰ টেবুল টেনিছত ফাইনেলত প্ৰৱেশ কৰা প্ৰথম গৰাকী ভাৰতীয় ৰূপে ইতিহাস ৰচনা কৰা ভাৱনাই কাইলৈ বিশ্বৰ শীৰ্ষতম স্থানৰ চীনা টেবুল টেনিছ তাৰকা য়িং ঝৌৰ বিৰুদ্ধে ফাইনেলত অৱতীৰ্ণ হ’ব।উল্লেখযোগ্য যে এইপৰ্যন্ত চলিত পেৰালিম্পিকত পদক নিশ্চিত কৰা ভাৱনাই একমাত্ৰ ভাৰতীয়।।

You might also like
Leave A Reply

Your email address will not be published.