ওদালগুৰিত ৭ উগ্ৰপন্থী আটক

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

অসম আৰক্ষীৰ বৃহৎ অভিযান।ওডালগুৰিত উগ্ৰপন্থীত ভৰ্তি কৰোৱা এটা চক্ৰ উৎখাত কৰিছে অসম আৰক্ষীয়ে।এই কাৰ্যত জড়িত ৭ জনকৈ উগ্ৰপন্থীক আটক কৰে আৰক্ষী বাহিনীয়ে।ধৃত উগ্ৰপন্থী কেইজন বি টি এ ডিত নতুনকৈ আত্মপ্ৰকাশ কৰা সশস্ৰ সংগঠন নেচনেল লিবাৰেচন ফ্ৰণ্ট অৱ বড়োলণ্ড(NLFB)ৰ সদস্য।ধৃত সদস্য সকলৰ পৰা আৰক্ষীয়ে জব্দ কৰে কেইবাটাও মোবাইল ফোন,চিম কাৰ্ড আৰু নগদ ৪,৬০০ টকা।
ধৃত এন এল এফ বিৰ সদস্য কেইজনৰ নাম ৰবিন্দ্ৰ বসুমতাৰী,বৰ্নবাস বসুমতাৰী,পল গয়াৰী,কুন্দন সিং,প্ৰসেন ডৈমাৰী,সনিকো ডৈমাৰী আৰু ৰাজেন্দ্ৰ বসুমতাৰী।।

You might also like
Leave A Reply

Your email address will not be published.