আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ প্ৰথমগৰাকী স্বৰ্ণ জয়ী এথলীট কিংবদন্তি ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ আজি জন্মদিন। ১৯৪০ চনৰ ৩ ছেপ্টেম্বৰত শিৱসাগৰত জন্মগ্ৰহণ কৰা ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ মহীৰূহ ভোগেশ্বৰ বৰুৱাই ১৯৬৬ চনত বেংককত অনুষ্ঠিত এছিয়ান গেমছৰ ৮০০ মিটাৰ দৌৰত স্বৰ্ণ জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল। অসমৰ প্ৰথম গৰাকী ‘অৰ্জুন বঁটা’ বিজয়ী কিংবদন্তি এথলীট গৰাকীৰ জন্মদিনটো ১৯৮৪ চনৰে পৰা ৰাজ্যত ‘অভিৰুচি ক্ৰীড়া দিৱস’ ৰূপে উদযাপিত হৈ আহিছে।আজি ৩৮ সংখ্যক ‘অভিৰুচি ক্ৰীড়া দিৱস’। এই বিশেষ দিনটোক ৰাজ্য চৰকাৰৰ শেহতীয়া কেবিনেটৰ সিদ্ধান্ত অনুসৰি এইবেলিৰ পৰা ‘ৰাজ্যিক ক্ৰীড়া দিৱস’ ৰূপেও নামকৰণ কৰা হৈছে।
আজি ‘অভিৰুচি ক্ৰীড়া দিৱস’ৰ কাৰ্যসূচী অনুসৰি পুৱা ৬:১৫ বজাত মহানগৰীৰ চানমাৰি উৰণীয়া সেঁতুৰ পৰা নেহৰু ষ্টেডিয়ামলৈ আয়োজন কৰা হৈছে এক চাইকেল ৰেলীৰ। এই কাৰ্যসূচী পুৱা আনুষ্ঠানিক ভাৱে মুকলি কৰিব ৰাজ্যৰ ক্ৰীড়ামন্ত্ৰী বিমল বৰাই। ৰাজ্যৰ একাধিক স্বনামধন্য ক্ৰীড়াবিদ, বিশিষ্ট ব্যক্তিৰ উপৰি ছাত্ৰ-ছাত্ৰী সকলে এই ৰেলীত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছতে মহানগৰীৰ হোটেল লেণ্ডমাৰ্কত ক’ভিড প্ৰট’কল মানি পুৱা ৯:৩০ বজাত ‘জন্মদিনৰ শুভেচ্ছা’ শীৰ্ষক এক সম্বৰ্ধনা অনুষ্ঠানৰো আয়োজন কৰা হৈছে বুলি উদ্যোক্তা সকলে জনাইছে।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ৩৮ সংখ্যক ‘অভিৰুচি ক্ৰীড়া দিৱস’
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like