আজি ২৬ ছেপ্টেম্বৰ

➡️ ১৫৮০ চনৰ আজিৰ দিনটোতে ইংৰাজ নৌ অভিযাত্ৰী ফ্ৰান্সিছ ড্ৰেকৰ পৃথিৱী পৰিক্ৰমা সম্পূৰ্ণ হৈছিল।

➡️ ১৮২০ চনৰ ২৬ ছেপ্টেম্বৰত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ জন্ম হৈছিল ।

➡️ মাৰ্কিন কবি, সমালোচক, নাট্যকাৰ টি এছ ইলিয়টৰ জন্ম হৈছিল ১৮৮৮ চনৰ ২৬ ছেপ্টেম্বৰত।

➡️ ১৯৩২ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰধান মন্ত্ৰী মনমোহন সিঙৰ জন্ম হৈছিল।

➡️ ১৯৭৭ চনৰ ২৬ ছেপ্টেম্বৰত আন্তৰ্জাতিক খ্যাতিসম্পন্ন নৃত্যশিল্পী উদয় শংকৰ মৃত্যু হৈছিল।

➡️ চৌধুৰী চৰণ সিঙক সভাপতি আৰু ৰাজ নাৰায়ণক কাৰ্যকৰী সভাপতি ৰূপে লৈ নতুন ৰাজনৈতিক দল লোকদলৰ গঠন হৈছিল ১৯৭৯ চনৰ ২৬ ছেপ্টেম্বৰত।

➡️ ১৯৮১ চনৰ ২৬ ছেপ্টেম্বৰত পেছাদাৰী মহিলা টেনিছ খেলুৱৈ ছেৰেনা উইলিয়ামছৰ জন্ম হৈছিল। ৯টা একক, ৭টা মহিলা ডাবলছ আৰু দুটা মিক্সড ডাবলছ খিতাপেৰে মুঠ ১৮টা গ্ৰেণ্ড শ্লামৰ অধিকাৰী হৈছিল ছেৰেনা জামেকা উইলিয়ামছ। মহিলাৰ ডাবলছত দুবাৰ অলিম্পিকত সোণৰ পদক লাভ কৰিছিল ।

➡️ ১৯৮৯ চনৰ ২৬ ছেপ্টেম্বৰত খ্যাতনামা কন্ঠশিল্পী তথা সুৰকাৰ হেমন্ত কুমাৰ মুখাৰ্জীৰ ৬৯ বছৰ বয়সত মৃত্যু হৈছিল।

➡️ দেশৰ বিজ্ঞান গৱেষণাৰ উন্নতি সাধন, পৰামৰ্শ তথা সংযোগ ৰক্ষাৰ বাবে ভাৰত চৰকাৰৰ বাণিজ্য মন্ত্ৰালয়ৰ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ (Council of scientific and industrial research) গঠন কৰা হৈছিল ১৯৪২ চনৰ ২৬ ছেপ্টেম্বৰত।

➡️ ১৮৯১ চনৰ আজিৰ দিনটোতে আন্তৰ্জাতিক খ্যাতিসম্পন্ন বেহেলাবাদক চাৰ্লছ মুংকৰ জন্ম হৈছিল।

➡️ ১৯৯০ চনৰ ২৬ ছেপ্টেম্বৰত ইটালীৰ প্ৰখ্যাত সাহিত্যিক আলবেয়াৰ মোৰাভিয়াৰ মৃত্যু হৈছিল । ‘টু ৱমেন’ (১৯৭৪) তেওঁৰ প্ৰসিদ্ধ ৰচনা।।

You might also like
Leave A Reply

Your email address will not be published.