আজি বিশ্ব পৰ্যটন দিৱস।
১২৯০ চনৰ আজিৰ দিনটোতে চীনত প্ৰবল ভূমিকম্প হৈছিল আৰু প্ৰায় এক লাখ লোকৰ মৃত্যু হৈছিল।
১৭৬০ চনৰ ২৭ ছেপ্টেম্বৰত মীৰজাফৰক গাদীচ্যুত কৰি মীৰকাছিম বংগৰ নবাব হৈছিল।
ইংলেণ্ডৰ ষ্টকটন আৰু ডাৰলিংটন চহৰৰ মাজত ভাপচালিত ইঞ্জিনে টনা পৃথিৱীৰ প্ৰথম যাত্ৰীবাহী আৰু মালবাহী ৰে’লগাড়ীৰ চলাচল আৰম্ভ হৈছিল ১৮২৫ চনৰ ২৭ ছেপ্টেম্বৰত ।
১৮৩৩ চনৰ আজিৰ দিনটোতে সমাজ সংস্কাৰক ৰাজা ৰামমোহন ৰায়ৰ মৃত্যু হৈছিল।
১৮৭০ চনৰ ২৭ ছেপ্টেম্বৰত ইটালীৰ গল্প লেখিকা আৰু ঔপন্যাসিক গ্ৰাছিয়া ডেলেড্ডাৰ জন্ম হৈছিল । ১৯২৬ চনত তেওঁ সাহিত্যৰ ন’বেল বঁটা লাভ কৰে।
ভাৰতীয় বিপ্লৱী ভগৎ সিঙৰ জন্ম হৈছিল ১৯০৭ চনৰ ২৭ ছেপ্টেম্বৰত।
১৯২২ চনৰ ২৭ ছেপ্টেম্বৰত সংগীতজ্ঞ বীৰেন্দ্ৰ কুমাৰ ফুকনৰ জন্ম হৈছিল।
১৯৩২ চনৰ আজিৰ দিনটোতে চলচ্চিত্ৰ পৰিচালক যশ চোপ্ৰাৰ জন্ম হৈছিল । তেওঁ পৰিচালিত উল্লেখযোগ্য ছবি ‘ৱক্ত’, ‘দিৱাৰ’, ‘লমহে’, ‘ডৰ’, ‘দিল তো পাগল হ্যে’ আদি।
ভাৰতৰ মিহিৰ সেনে ইংলিছ চেনেল (৩৪ কিলোমিটাৰ) সাঁতুৰি অতিক্ৰম কৰিছিল ১৯৫৮ চনৰ আজিৰ দিনটোতে। ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা তেৱেঁই প্ৰথম ভাৰতীয়।
১৯৯৮ চনৰ ২৭ ছেপ্টেম্বৰত জাৰ্মানীত নিৰ্বাচনত হেলমুট কোল পৰাজিত হৈছিল।
ষ্টুডেণ্টছ ইছলামিক মুভমেণ্ট অব ইণ্ডিয়াৰ (ছিমি) ওপৰত কেন্দ্ৰীয় চৰকাৰে নিষেধাজ্ঞা জাৰি কৰিছিল ২০০১ চনৰ ২৭ ছেপ্টেম্বৰত।
২০০২ চনৰ আজিৰ দিনটোতে পূব টিমোৰকে ৰাষ্ট্ৰসংঘৰ ১৯১ তম সদস্যৰাষ্ট্ৰ ৰূপে স্বীকৃতি লাভ কৰিছিল।
২০০৩ চনৰ আজিৰ দিনটোতে বিশ্বত প্ৰথমবাৰৰ বাবে বিজ্ঞানীসকলৰ দ্বাৰা নিগনিৰ ক্ল’ন সম্পন্ন হৈছিল।।