আজি ২৮ ছেপ্টেম্বৰ

➡️ ১১০৬ চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ ৰজা প্ৰথম হেনৰীয়ে নৰ্মাণ্ডি অধিকাৰ কৰিছিল। ইংলেণ্ড আৰু নৰ্মাণ্ডি পুনৰ একত্ৰীকৰণ হৈছিল।

➡️ ১৮০৩ চনৰ ২৮ ছেপ্টেম্বৰত প্ৰখ্যাত ফৰাচী ঔপন্যাসিক প্ৰছপাৰ মেৰিমৰ জন্ম হৈছিল । ‘কলম্বো’ আৰু ‘কাৰমেন’ তেওঁৰ দুখন অনবদ্য উপন্যাস।

➡️ ৬২ বছৰ বয়সত বাহাদুৰ শ্বাহে (দ্বিতীয়) মোগল সিংহাসনত আৰোহণ কৰিছিল ১৮৩৭ চনৰ ২৮ ছেপ্টেম্বৰত । মোগল সাম্ৰাজ্যৰ শেষৰজন সম্ৰাট বাহাদুৰ শ্বাহে (দ্বিতীয়) চিপাহী বিদ্ৰোহত অভিযুক্ত হৈ মৃত্যুবৰণ কৰিবলগীয়া হৈছিল ।

➡️ ১৮৯৫ চনৰ আজিৰ দিনটোতে ফৰাচী বিজ্ঞানী লুই পেষ্টিউৰৰ মৃত্যু হৈছিল।

➡️ ১৯২৯ চনৰ ২৮ ছেপ্টেম্বৰত কন্ঠশিল্পী লতা মংগেশকাৰৰ জন্ম হৈছিল ।

➡️ ফিলিপাইনছৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফাৰ্দিনাণ্ড মাৰ্কোছৰ দেহাৱসান হৈছিল ১৯৮৯ চনৰ ২৮ ছেপ্টেম্বৰত।

➡️ ১৯৮৯ চনৰ আজিৰ দিনটোতে নৰ্মদা উপত্যকা প্ৰকল্প বাতিলৰ দাবীত ভাৰতৰ বিভিন্ন ঠাইত ৬০,০০০ পুৰুষ-মহিলাই মধ্য প্ৰদেশত বিক্ষোভ প্ৰদৰ্শন কৰিছিল ।

➡️ ২০০১ চনৰ ২৮ ছেপ্টেম্বৰত জগমোহন ডালমিয়া ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ নিৰ্বাচিত হৈছিল ।

➡️ ২০০২ চনৰ ২৮ ছেপ্টেম্বৰত বিপজ্জনকভাৱে গাড়ী চলোৱাৰ অভিযোগত হিন্দী চলচ্চিত্ৰ অভিনেতা ছলমান খানক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁৰ গাড়ীৰ খুন্দাত এজনৰ মৃত্যু হৈছিল ।

➡️ ইংৰাজী ভাষাৰ প্ৰখ্যাত ভাৰতীয় সাহিত্যিক মুলকৰাজ আনন্দৰ মৃত্যু হৈছিল ২০০৪ চনৰ ২৮ ছেপ্টেম্বৰত।।

You might also like
Leave A Reply

Your email address will not be published.