অৱশেষত বিধায়ক শ্বেৰমানক গ্ৰেপ্তাৰ

ৰাজ্যজুৰি প্ৰতিবাদৰ পাছত অৱশেষত গ্ৰেপ্তাৰ হ’ল বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ। কিছুসময় পূৰ্বে দিছপুৰৰ বিধায়ক আবাসৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিধায়ক জনক।শ্বহীদক লৈ অপমান সূচক মন্তব্য কৰি অসমীয়াৰ স্বাভিমানত আঘাত হানিছিল বিধায়ক জনে।ৰাজ্যৰ বিভিন্ন থানাত বিধায়ক শ্বেৰমানৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ। বিধায়ক জনক গ্ৰেপ্তাৰৰ দাবীত উত্তাল হৈ পৰিছিল ৰাজ্যৰ চৌদিশ।।

You might also like
Leave A Reply

Your email address will not be published.