আজি ১৭ অক্টোবৰ

➡️ আজি অসম ক্ৰীড়া দিৱস।

➡️ ১৬০৫ চনৰ আজিৰ দিনটোতে মোগল সম্ৰাট আকবৰৰ মৃত্যু হৈছিল ।

➡️ ১৮১৭ চনৰ ১৭ অক্টোবৰত ছাৰ চৈয়দ আহমেদ খাঁৰ জন্ম হৈছিল । তেওঁ আলিগড়ত মহমেদান এংলো অৰিয়েণ্টল কলেজ স্থাপন কৰে। এইখন কলেজেই পৰৱৰ্তী কালত আলিগড় মুছলিম বিশ্ববিদ্যাললৈ ৰূপান্তৰিত হয়।

➡️ ইংৰাজ বিজ্ঞানী মাইকেল ফেৰাডে ডাইনামো আৱিষ্কাৰ কৰিছিল ১৮৩১ চনৰ ১৭ অক্টোবৰত।

➡️ ১৯০০ চনৰ ১৭ অক্টোবৰত ৰাধাগোবিন্দ বৰুৱাৰ জন্ম হৈছিল।

➡️ ১৯১৯ চনৰ আজিৰ দিনটোতে ভাৰতত খিলাফৎ দিৱস উদযাপন কৰা হৈছিল ।

➡️ ভাৰতীয় কমিউনিষ্ট পাৰ্টী প্ৰতিষ্ঠা হৈছিল ১৯২০ চনৰ ১৭ অক্টোবৰত।

➡️ ১৯৩৭ চনৰ আজিৰ দিনটোতে মুছলিম লীগৰ পূৰ্ণ স্বাধীনতাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল।

➡️ ১৯৪০ চনৰ ১৭ অক্টোবৰত মহাত্মা গান্ধীৰ নেতৃত্বত সত্যাগ্ৰহ আৰম্ভ হৈছিল ।

➡️ ভাৰতীয় ক্ৰিকেটাৰ অনিল কুম্বলেৰ জন্ম হৈছিল ১৯৭০ চনৰ ১৭ অক্টোবৰত।

➡️ ১৯৭৯ চনৰ আজিৰ দিনটোতে মাদাৰ টেৰেছালৈ শান্তিৰ ন’বেল বঁটা আগবঢ়োৱা হৈছিল।

➡️ শিল্পী যুগল দাসৰ মৃত্যু হৈছিল ১৯৮৯ চনৰ আজিৰ দিনটোতে।

➡️ ১৯৮৯ চনৰ ১৭ অক্টোবৰত মালয়ছিয়াৰ কুৱালালামপুৰত কমনৱেলথ দেশবোৰৰ শীৰ্ষ সন্মিলন আৰম্ভ হৈছিল।

➡️ ২০০৩ চনৰ ১৭ অক্টোবৰত শ্ৰীহৰিকোটাৰ পৰা পি এছ এল ভি-৫ৰ উৎক্ষেপণ কৰা হৈছিল।

➡️ ২০০১ চনৰ আজিৰ দিনটোতে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেট অধিনায়ক হান্সি ক্ৰ’নিয়ে খেলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.