নগাঁৱত প্ৰয়াত শিক্ষাবিদ ডঃ আবু হানিফাক স্মৰণ

‘ৰূপান্তৰ’ৰ উদ্যোগত তথা কলংপাৰ কাকত গোষ্ঠী আৰু সদৌ অসম গ্রাম্য পুথিভঁৰাল সন্থাৰ সহযোগত সমূহীয়াভাৱে নগাঁও প্ৰেছ ক্লাৱত আজি প্ৰয়াত সাংবাদিক,শিক্ষাবিদ ড৹ আবু হানিফাৰ জন্মদিন উপলক্ষে এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়। এই সভাত উপস্থিত থাকে সদৌ অসম গ্রাম্য পুথিভঁৰাল সন্থাৰ প্ৰধান সম্পাদক বল্লদেৱ শৰ্মা, নগাওঁ প্ৰেছ ক্লাৱৰ সভাপতি যাদৱ শইকীয়া, নগাওঁ প্ৰেছ ক্লাৱৰ উপদেষ্টা কনক হাজৰিকা, পুৰণিগুদাম বিৰিঞ্চি কুমাৰ, বৰুৱা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড৹ গিৰিণ বৰুৱা, প্ৰয়াত ড৹ আবু হানিফাৰ পত্নী ৰৌজলীন জাহানৰ লগতে তেখেতৰ একাংশ গুণমুগ্ধ আৰু নগাওঁ জিলাৰ সংবাদিক সকল। গুৰমাইল সিঙৰ পৌৰহিত্যত অনুষ্ঠিত সভা খনত প্ৰয়াত সাংবাদিক তথা শিক্ষাবিদ গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজলন কৰে মুকুট ভূঞাই।।

◾নগাঁৱৰ পৰা জেহিৰুল ইছলামৰ ৰিপ’ৰ্ট

You might also like
Leave A Reply

Your email address will not be published.