আজি ২২ অক্টোবৰ

➡️ ১৭৬৪ চনৰ আজিৰ দিনটোতে বংগ বিহাৰত নবাবৰ শাসনৰ অন্ত হৈছিল , ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন আৰম্ভ হৈছিল ।

➡️ ১৭৬৮ চনৰ আজিৰ দিনটোতে বক্সাৰ যুদ্ধ হৈছিল । ইংৰাজে বিহাৰ অধিকাৰ কৰিছিল।

➡️ ১৯৩৮ চনৰ ২২ অক্টোবৰত পদাৰ্থ-বিজ্ঞানী ছেষ্টাৰ কাৰ্লছনে ‘ইলেক্ট্ৰোফটোগ্ৰাফ’ নামৰ এক পদ্ধতিৰ আৱিষ্কাৰ কৰিছিল । ১৯৪৭ চনত এই পদ্ধতিৰ ওপৰত ভিত্তি কৰিয়েই জেৰোগ্ৰাফী বা জেৰক্স মেচিন নিৰ্মাণ হৈছিল ।

➡️১৯৪৭ চনৰ ২২ অক্টোবৰত পাকিস্তানৰ প্ৰত্যক্ষ সমৰ্থনত পাঠান আৰু আন জনজাতি সম্প্ৰদায়ে কাশ্মীৰ আক্ৰমণ কৰিছিল; কাশ্মীৰৰ ৰজা হৰি সিঙে ভাৰত চৰকাৰৰ সাহায্য প্ৰাৰ্থনা আৰু কাশ্মীৰক ভাৰতভুক্তিৰ প্ৰস্তাৱ দাখিল কৰিছিল ।

➡️ ইংৰাজ ইতিহাসবিদ আনৰ্ল্ড যোছেফ টয়নবিৰ মৃত্যু হৈছিল ১৯৭৫ চনৰ ২২ অক্টোবৰত।

➡️ ১৯৬২ চনৰ ২২ অক্টোবৰত ভাক্ৰা-নাংগল বহুমুখী নদী উপত্যকা প্ৰকল্প ৰাষ্ট্ৰৰ উদ্দেশ্যে উছৰ্গা কৰা হৈছিল।

➡️ ১৯৯৪ চনৰ ২২ অক্টোবৰত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জামিনি দেশনায়ক আৰু আন ৬০ জন এক বোমা বিস্ফোৰণত নিহত হৈছিল ।

➡️ ১৯৯৯ চনৰ আজিৰ দিনটোতে টাইৱানত ভূমিকম্প হৈছিল।

➡️ ১৯৯৯ চনৰ আজিৰ দিনটোতে ব’ফৰ্ছ মোকৰ্দমাৰ চাৰ্জশ্বীট দাখিল কৰা হৈছিল ।

➡️ ১৯৯৯ চনৰ ২২ অক্টোবৰত লোকসভাৰ অধ্যক্ষ ৰূপে জি এম চি বালযোগী নিৰ্বাচিত হৈছিল।

➡️ ২০০১ চনৰ ৪ অক্টোবৰত আফগানিস্তান এক চিকিৎসালয়ত মাৰ্কিন বোমা বিষ্ফোৰণত ১০০ জনৰ মৃত্যু হৈছিল । হাজাৰ হাজাৰ আফগান শৰণাৰ্থীয়ে পাকিস্তানলৈ যাত্ৰা কৰিছিল।

➡️ ‘যাযাবৰ’ ছদ্মনামেৰে বিখ্যাত বাংলা লেখক বিনয় মুখোপাধ্যায়ৰ ৯২ বছৰ বয়সত মৃত্যু হৈছিল ২০০২ চনৰ ২২ অক্টোবৰত।

➡️ ২০০৩ চনৰ ২২ অক্টোবৰত ফিফাৰ ৰেংকিঙত ব্ৰাজিল বিশ্ব ফুটবলৰ শীৰ্ষত অধিষ্ঠিত হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.