আজি ২৩ অক্টোবৰ

➡ ১৬২৩ চনৰ আজিৰ দিনটোতে হিন্দী কবি তথা হিন্দী ৰামায়ণৰ ৰচয়িতা তুলসী দাসৰ মৃত্যু হৈছিল ।

➡ ১৭৬৪ চনৰ ২৩ অক্টোবৰত বক্সাৰৰ যুদ্ধত ইংৰাজৰ হাতত মীৰকাছিমৰ পৰাজয় হৈছিল ।

➡ ৰাজনীতিবিদ, সাহিত্যিক লক্ষ্যধৰ চৌধুৰীৰ জন্ম হৈছিল ১৯১৫ চনৰ ২৩ অক্টোবৰত ।

➡ ১৯৩৯ চনৰ আজিৰ দিনটোতে অষ্ট্ৰিয়াৰ মনোবিজ্ঞানী ছিগমণ্ড ফ্ৰয়ডৰ মৃত্যু হৈছিল ।

➡ ১৯৪০ চনৰ ২৩ অক্টোবৰত ব্ৰাজিলৰ প্ৰসিদ্ধ ফুটবল খেলুৱৈ পেলেৰ জন্ম হৈছিল ।

➡ আজাদ হিন্দ ফৌজৰ নাৰী বাহিনী ‘ঝান্সি ব্ৰিগেড’ প্ৰতিষ্ঠা হৈছিল ১৯৪৩ চনৰ আজিৰ দিনটোতে ।

➡ ১৯৪৩ চনৰ ২৩ অক্টোবৰত আজাদ হিন্দ চৰকাৰে ব্ৰিটেইন আৰু আমেৰিকাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল ।

➡ ১৯৭৪ চনৰ আজিৰ দিনটোতে ভাৰতীয় ঔপন্যাসিক অৰবিন্দ আদিগাৰ জন্ম হৈছিল ।

➡ ১৯৮৬ চনৰ ২৩ অক্টোবৰত পণ্ডিত তীৰ্থনাথ শৰ্মাৰ মৃত্যু হৈছিল ।

➡ ১৯৯০ চনৰ আজিৰ দিনটোতে সোমনাথৰ পৰা অযোধ্যালৈ ৰথযাত্ৰা পৰিচালনাৰ অন্যতম নায়ক ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি লালকৃষ্ণ আদৱানিক জাতীয় নিৰাপত্তা আইনৰ অধীনত বিহাৰত গ্ৰেপ্তাৰ কৰা হৈছিল । বিভিন্ন ৰাজনৈতিক দল আৰু ভাৰত চৰকাৰৰ আবেদন উপেক্ষা কৰি আদৱানিয়ে এই ৰথযাত্ৰাৰ আয়োজন কৰিছিল। আদৱানি গ্ৰেপ্তাৰ হোৱাৰ পিছতে বিজেপিয়ে কেন্দ্ৰৰ মৰ্চা চৰকাৰৰ প্ৰতি থকা সমৰ্থন প্ৰত্যাহাৰ কৰে আৰু বিশ্বনাথ প্ৰতাপ সিঙৰ চৰকাৰ সংকটত পৰে।।

You might also like
Leave A Reply

Your email address will not be published.