লিডুত বাৰ্তাজীৱী সংঘৰ অধিবেশনৰ প্ৰস্তুতি

অসমৰ সংবাদসেৱীসকলৰ অন্যতম শক্তিশালী মঞ্চ অসম বাৰ্তাজীৱী সংঘৰ ৪৫ সংখ্যক দ্বি- বাৰ্ষিক অধিবেশনখনি তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ উদ্যোগত ডিগবৈ প্ৰেছ ক্লাব আৰু মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সৌজন্যত তথা তিনিচুকীয়া , ডুমডুমা, কাকপথাৰ, শদিয়া ছৈখোৱা প্ৰমুখ্যে আটাইকেইটা প্ৰেছ ক্লাব, তিনিচুকীয়া জিলাবাসী ৰাইজৰ সহযোগত অহা ২১,২২ আৰু ২৩ জানুৱাৰীত তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে দিহিং পাটকাই সমন্বয় ক্ষেত্ৰ,লিডু (লিডু ৰেলৱে ৰঙ্গমঞ্চ)ত উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে । আজি এই সন্দৰ্ভত লিডু কলেজ প্ৰেক্ষাগৃহত তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভাপতি অনুজ কলিতাৰ পৌৰহিত্যত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয় ।সভাখনত কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰ’লিয়াম আৰু শ্ৰম দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীক মুখ্য পৃষ্ঠপোষক, মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাক সভাপতি, ডিগবৈৰ বিধায়ক সুৰেন ফুকন আৰু ড° ৰঞ্জিত দত্তক কাৰ্যকৰী সভাপতি, সুখদেৱ শৰ্মা, কৈলাশ গুপ্তা, ৰাজেন্দ্ৰ প্ৰসাদ ৰায়, সুনীল গুৰুং , তৰুণ গগৈ, মুনমী গগৈ, মীনা নাথ, অনিতা দাস মহন্ত, ৰূপা কুমাৰী সিং ,অনীলা ফুকন, অঞ্জুমা আহমেদক উপ- সভাপতি,তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগক মুখ্য সাধাৰণ সম্পাদক, মনোৰঞ্জন দাস আৰু প্ৰশান্ত চেতিয়াক সাধাৰণ সম্পাদক, তপন দে, ৰমনি বুঢ়াগোঁহাই, হেমন্ত কুমাৰ শইকীয়া, মনোজ ফুকনক যুটীয়া সম্পাদক, দিনেশ গোয়েলক কোষাধ্যক্ষ হিচাপে লৈ এখন ৫১ জনীয়া কাৰ্যনিৰ্বাহক কমিটি আৰু ১৫ খন উপ- সমিতিৰে আদৰণি সমিতি গঠন কৰা হয় । সভাখনত তিনিচুকীয়া আৰু ডুমডুমা প্ৰেছ ক্লাৱৰ সম্পাদক ক্ৰমে প্ৰনৱ ফুকন আৰু মনোজ বৰুৱা,তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সম্পাদক মনোজ দত্ত, জিলা কাৰ্যনিৰ্বাহক সদস্য অভিজিৎ খাটনীয়াৰ আদিৰ লগতে আছা, আগছু ,ভোজপুৰী পৰিষদ , যুৱ ছাত্ৰ পৰিষদ, আহোম সভা, চেগুনবাৰী বজাৰ কমিটি, লিডু য়ুথ ক্লাব আদি দল সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে । উল্লেখ্য যে ,১৯৭৪ চনত গঠিত অসম বাৰ্তাজীৱী সংঘ ভাৰতীয় বাৰ্তাজীৱী মহাসংঘৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত।।

You might also like
Leave A Reply

Your email address will not be published.