ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ সবিশেষ

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস।ভাৰতীয় প্ৰেছ কাউন্সিল (পিচিআই) স্থাপনৰ স্মৃতিত ১৬ নৱেম্বৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়। ১৯৬৬ চনৰ ১৬ নৱেম্বৰত গঠন কৰা পিচিআই ভাৰতীয় সাংবাদিকতা আৰু সাংবাদিকসকলৰ প্ৰহৰী হিচাপে কাম কৰা এক অৰ্ধ-ন্যায়িক সংস্থা।

স্ব-নিয়ন্ত্ৰক সংস্থা, পিচিআইয়ে প্ৰেছ কাউন্সিল আইন, ১৯৭৮-ৰ অধীনত কাম কৰে। পৰম্পৰাগতভাৱে, ইয়াৰ এজন অধ্যক্ষ, উচ্চতম ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশ, ২৮ জন অতিৰিক্ত সদস্য, যাৰ ২০ জন সংবাদ মাধ্যমৰ সদস্য, পাঁচজন ভাৰতীয় সংসদৰ উভয় সদনৰ সদস্য, আৰু তিনিজনে সাহিত্য একাডেমী, বিশ্ববিদ্যালয় অনুদান আয়োগ আৰু ভাৰতীয় বাৰ কাউন্সিলৰ মনোনীত ব্যক্তি হিচাপে সংস্কৃতি সাহিত্য আৰু আইনী ক্ষেত্ৰক প্ৰতিনিধিত্ব কৰে। ন্যায়াধীশ চন্দ্ৰমৌলী কুমাৰ প্ৰসাদ বৰ্তমানৰ অধ্যক্ষ।

You might also like
Leave A Reply

Your email address will not be published.