বোকাজানত নিশা আৰক্ষীৰ এনকাউন্টাৰ!

ব্যুৰ’ ৰিপৰ্ট-

বোকাজানত এইবাৰ গুলিবিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী।১২ কোটি টকা মূল্যৰ ড্ৰাগছৰ সৈতে নিশা আটক হোৱা দুই ড্ৰাগছ সৰবৰাহকাৰীৰ মাজৰ চাদ্দাম হুছেইন নামৰ সৰবৰাহকাৰীটোৱে আৰক্ষীৰ গাড়ীৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে আৰক্ষীয়ে ভৰিত গুলিয়াই পুনৰ আটক কৰে। উল্লেখযোগ্য যে বোকাজান আৰক্ষীয়ে বিশেষ সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিক্তিত বোকাজানৰ  মাটিপুলত মঙলবাৰে নিশা নাকা তালাচী স্থাপন কৰি ডিমাপুৰ দিশৰ পৰা অহা AS-09H-4234 নম্বৰৰ এখন স্কুটিৰ পৰা ১৫০ টা প্লাষ্টিকৰ চাবোনৰ বাকচত মুঠ ১ কেজি ৭৭৭ গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ হোৱা হেৰ’ইনখিনিৰ সৈতে বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত ঘৰীয়ালডুবিৰ বিমল টচ্ছা আৰু মৈৰাবাৰীৰ চাদ্দাম হুছেইন নামৰ দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছিল। ভৰিত গুলি লগা চাদ্দাম হুছেইন নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোক আৰক্ষীয়ে উন্নত চিকিৎসাৰ বাবে ডিফু মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছে

You might also like
Leave A Reply

Your email address will not be published.