ছুপাৰ স্পেচিয়েলিটী হস্পিতাল হ’ব GMCH

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হ’ব ছুপাৰ স্পেচিয়েলিটী হাস্পতাল । স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংবাদমেলযোগে এই কথা ঘোষণা কৰে। ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হ’ব এই স্পেচিয়েলিটী হাস্পতালখনৰ কাম। ৰোগীৰ আত্মীয়ই দীঘলীয়া শাৰী পতাৰ পৰিৱৰ্তে অনলাইনযোগে কৰিব পাৰিব পঞ্জীয়ন। হাস্পতাল কৰ্তৃপক্ষই নিয়োগ কৰিব পাৰিব ঠিকাভিত্তিক কৰ্মচাৰীকো। স্থায়ী কৰ্মচাৰীৰ সমানে বেতন দিয়া হ’ব ঠিকাভিত্তিক কৰ্মচাৰীক। আনহাতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এতিয়াৰে পৰা এম আৰ আই, চি টি স্কেন আদি পৰীক্ষাৰ ক্ষেত্ৰতো বৃদ্ধি কৰা হৈছে সময়সীমা। আজিৰে পৰা ছিফ্টবোৰ দুগুণ হোৱাৰ লগতে সাধাৰণ ৰোগীৰো ৰাতি ১০ বজালৈ পৰীক্ষা সমূহ কৰা হ’ব। অস্ত্ৰোপচাৰৰ ক্ষেত্ৰতো বৃদ্ধি কৰা হ’ব সময়। এতিয়াৰে পৰা সাধাৰণ ৰোগীয়েও ৫ দিনৰ ভিতৰত সকলো পৰীক্ষা কৰি অস্ত্ৰোপচাৰ কৰিব পাৰিব।

You might also like
Leave A Reply

Your email address will not be published.