অইলৰ নৱনিযুক্ত আৱাসিক মুখ্য কাৰ্যবাহীক সম্বৰ্ধনা

ব্যুৰ’ ৰিপৰ্ট-

তিনিচুকীয়া জিলা সাংবাদিক সন্থাই আজি
অইল ইণ্ডিয়া লিমিটেড,ডুলীয়াজানৰ আৱাসিক মুখ্য কাৰ্যবাহী প্ৰশান্ত বৰকাকতিক সম্বৰ্ধনা জনায় ।সন্থাৰ
জিলা সভাপতি অনুজ কলিতা সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগ, উপ সভাপতি কমল তালুকদাৰ, প্ৰাক্তন সভাপতি ড° ঋষি দাস, প্ৰাক্তন সাধাৰণ সম্পাদক মনোৰঞ্জন দাস, জিলা কাৰ্যনিৰ্বাহক সদস্য হেমন্ত কুমাৰ শইকীয়া আৰু তপন দে’ প্ৰমুখ্যে প্ৰতিনিধি দলে অইল ইণ্ডিয়া লিমিটেড,ডুলীয়াজানৰ কাৰ্যালয়ত সাক্ষাৎ কৰি আৱাসিক মুখ্য কাৰ্যবাহী বৰকাকতিক ৰাভা জনগোষ্ঠীয় গামোছা,সম্বৰ্ধনা পত্ৰ, চেলেং আৰু স্মাৰকেৰে সম্বৰ্ধনা জনায় ।ৰাজ্যৰ চাহ নগৰী হিচাপে খ্যাত ঐতিহ্যমণ্ডিত ডুমডুমাৰ পৰাই জীৱনৰ সংগ্ৰামী সোনসেৰীয়া যাত্ৰা আৰম্ভ কৰি দেশৰ বৃহৎ উদ্যোগখণ্ড অইল ইণ্ডিয়া লিমিটেড,ডুলিয়াজানৰ জনসম্পৰ্কৰক্ষী বিষয়াৰ পৰা আৱাসিক মুখ্য কাৰ্যবাহী হিচাপে অধিষ্ঠিত হৈ ডুমডুমা তথা তিনিচুকীয়া জিলাৰ সু-সন্তান হিচাপে গৌৰৱ কঢ়িয়াই অনাৰ সুবাদতে বিষয়া গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সন্থাই তিনিদফীয়া দাবী সম্বলিত এখন স্মাৰক-পত্ৰও আৱাসিক মুখ্য কাৰ্যবাহীগৰাকীক প্ৰদান কৰে । জিলা সভাপতি-সাধাৰণ সম্পাদক ক্ৰমে অনুজ কলিতা আৰু ৰাণাজ্যোতি নেওগ স্বাক্ষৰিত স্মাৰকপত্ৰখনৰ জৰয়তে অইলৰ নিযুক্তিৰ ক্ষেত্ৰত তিনিচুকীয়া জিলাৰ সংবাদসেৱীসকলৰ মেধাসম্পন্ন সন্তানক যোগ্যতাৰ ভিত্তিত মকৰলৰ লগতে এইক্ষেত্ৰত খালীপদ সংৰক্ষণৰ ব্যৱস্থা, তিনিচুকীয়া জিলাৰ সাংবাদিকসকলৰ বাবে পেকেজ ঘোষণা কৰা,
জিলাখনৰ সাংবাদিকৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ চিকিৎসাৰ ক্ষেত্ৰত অইলৰ চিকিৎসালয়ত বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱাৰ ব্যৱস্থা আদি দাবী স্মাৰকপত্ৰখনত সন্নিবিষ্ট কৰা হৈছে । অইলৰ আৱাসিক মুখ্য কাৰ্যবাহী গৰাকীয়ে সন্থাৰ দাবীসমূহৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে।।

You might also like
Leave A Reply

Your email address will not be published.