সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনাই উভয় সদনতে গৃহিত হ’ল কৃষি আইন-২০২১ বাতিল বিধেয়ক। কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে আজিৰ পৰা অনুষ্ঠিত সংসদৰ শীতকালিন অধিবেশনৰ আৰম্ভনিতে উত্থাপন কৰা কেন্দ্ৰীয় কৃষি আইন বাতিল বিধেয়ক লোকসভাত গৃহিত কৰাৰ পাছত ৰাজ্যসভাতো গৃহিত হয় বিধেয়ক খন।
উল্লেখ্য যে, যোৱা ১৯ নৱেম্বৰত ৰাষ্ট্ৰক সম্বোধি দিয়া এক ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গুৰু নানক জয়ন্তীৰ পৱিত্ৰ ক্ষনত বিতৰ্কিত তিনি কেন্দ্ৰীয় কৃষি আইন বাতিল কৰাৰ কথা ঘোষণা কৰিছিল । বিধেয়কখন যোৱা সপ্তাহত কেন্দ্ৰীয় কেবিনেটে বাতিল কৰাৰ বাবে অনুমোদন জনাইছিল।
৩ কৃষি আইন বাতিলৰ দাবীত বছৰযোৰা আন্দোলনৰ অন্তত সংসদত অধিকাৰ জিনাৰ দিনটোক এই সংগ্ৰামত প্ৰাণ আহুতি দিয়া ৭৫০ শ্বহীদ কৃষকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি ৰূপে অভিহিত কৰিছে সংযুক্ত কৃষক মৰ্চাৰ নেতা ৰাকেশ টিকইতে।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Next Post
You might also like