দেশৰ CDS জেনেৰেল বিপিন ৰাৱাটৰ মৃত্যু

তামিলনাডুৰ কুন্নৰত সংঘটিত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত সপত্নীক মৃত্যু দেশৰ চীফ অৱ দ্য ডিফেন্স ষ্টাফ বিপিন ৰাৱাটৰ। আজি পুৱা সংঘটিত দুৰ্ঘটনাত ভস্মীভূত MI-17 V-5 হেলিকপ্টাৰখনত থকা শীৰ্ষ সেনা বিষয়া সহ ১৪ যাত্ৰীৰ ১৩ গৰাকীৰে মৃত্যু ঘটিছে।একমাত্ৰ গ্ৰুপ কমাণ্ডাৰ বৰুণ সিং সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।দুৰ্ঘটনাৰ পাছতে চিকিৎসালয়ত ভৰ্তি কৰোৱা CDS জেনেৰেল বিপিন ৰাৱাটৰ মৃত্যুৰ কথা ইতিমধ্যে আনুষ্ঠানিক কৰিছে ভাৰতীয় বায়ুসেনা সুত্ৰই।।

You might also like
Leave A Reply

Your email address will not be published.