➡️১৮২১ চনৰ ১২ ডিচেম্বৰ তাৰিখে প্ৰখ্যাত ফৰাচী ঔপন্যাসিক আৰু দাৰ্শনিক গুস্তাভ ফ্লোবেয়াৰৰ জন্ম হৈছিল। ‘মাদাম বভাৰ’ তেওঁৰ প্ৰসিদ্ধ উপন্যাস।
➡️১৮৮৯ চনৰ ১২ ডিচেম্বৰ তাৰিখে ইংৰাজ কবি ৰবাৰ্ট ব্ৰাউনিঙৰ মৃত্যু হৈছিল।
➡️১৯০৭ চনৰ আজিৰ দিনটোতে ‘পাপৰি কবি’ গণেশ চন্দ্ৰ গগৈৰ জন্ম হৈছিল।
➡️১৯১১ চনৰ আজিৰ দিনটোতে দিল্লীৰ ঐতিহাসিক ‘দিল্লী দৰবাৰ’ত পঞ্চম জৰ্জক ভাৰতৰ সম্ৰাট ৰূপে ঘোষণা কৰা হৈছিল। ইয়াতে সম্ৰাট পঞ্চম জৰ্জে কলকাতাৰ পৰা দিল্লীলৈ ভাৰতৰ ৰাজধানী স্থানান্তৰৰ ঘোষণা কৰিছিল।
➡️১৯৭৯ চনৰ আজিৰ দিনটোতে অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন ঘোষণা কৰা হৈছিল। ১৯৮০ চনৰ ৬ ডিচেম্বৰলৈকে ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন বলৱৎ হৈ থাকে।
➡️১৯৮০ চনৰ ১২ ডিচেম্বৰ তাৰিখে অসমৰ প্ৰথম মহিলা মুখ্য মন্ত্ৰী আনোৱাৰা টাইমুৰৰ মন্ত্ৰীসভা গঠন। ১৯৮১ চনৰ ৩০ জুনলৈকে তেওঁ মুখ্যমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।
➡️১৯৮৭ চনৰ আজিৰ দিনটোতে হাজোত প্ৰথম লোক আদালত মুকলি কৰা হৈছিল।
➡️১৯৯১ চনৰ ১২ ডিচেম্বৰ তাৰিখে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যয়াধীশ কে এন সিঙৰ অৱসৰ গ্ৰহণ। এই বছৰৰে ২৫ নৱেম্বৰত কাৰ্যভাৰ গ্ৰহণ কৰা সিঙে মাত্ৰ ১৮ দিন কাৰ্যনিৰ্বাহ কৰে। উচ্চতম ন্যায়ালয়ৰ ইতিহাসত মুখ্য ন্যায়াধীশৰ ইয়েই সংক্ষিপ্ততম কাৰ্যকাল।
➡️১৯৮১ চনৰ আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ জন্ম হৈছিল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like