আজি ১৪ ডিচেম্বৰ

➡️১১৫৪ চনৰ আজিৰ দিনটোতে নিকোলাছ ব্ৰেকস্পিয়েৰ ৰোমৰ পোপ নিৰ্বাচিত হৈছিল। পোপ হৈ তেওঁ চতুৰ্থ হেড্ৰিয়ান নাম লয়। পোপ ৰূপে নিৰ্বাচিত তেৱেঁই একমাত্ৰ ইংৰাজ।
➡️১৫৪৬ চনৰ ১৪ ডিচেম্বৰ তাৰিখে ছুইডেনৰ জ্যোতিৰ্বিজ্ঞানী টাইক্লো ব্ৰাহেৰ জন্ম হৈছিল।
➡️১৭৯৯ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি জৰ্জ ৱাশ্বিংটনৰ মৃত্যু হৈছিল।
➡️১৮১২ চনৰ ১৪ ডিচেম্বৰ তাৰিখে ভাৰতৰ প্ৰথম ভাইচৰয় তথা গৱৰ্নৰ জেনেৰেল লৰ্ড কেনিঙৰ জন্ম হৈছিল।
➡️১৯১১ চনৰ আজিৰ দিনটোতে নৰৱেৰ অভিনেত্ৰী ৰোৱাল্ড এমুণ্ডছনৰ প্ৰথমবাৰৰ বাবে এন্টাৰ্কটিকা তথা দক্ষিণ মেৰুত পদাৰ্পণ কৰিছিল।
➡️১৯২৪ চনৰ আজিৰ দিনটোতে হিন্দী চলচ্চিত্ৰ জগতৰ প্ৰখ্যাত অভিনেতা, প্ৰযোজক আৰু পৰিচালক ৰাজ কাপুৰৰ জন্ম হৈছিল।
➡️১৯৩৬ চনৰ ১৪ ডিচেম্বৰ তাৰিখে অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্যৰ মৃত্যু হৈছিল।
➡️১৯৯৭ চনৰ আজিৰ দিনটোতে ডঃ নগেন শইকীয়া অসম সাহিত্য সভাৰ সভাপতি ৰূপে নিৰ্বাচিত হৈছিল।
➡️১৯৮৪ চনৰ ১৪ ডিচেম্বৰ তাৰিখে স্পেনিছ কবি ভিচেন্ট আলেকজেণ্ডাৰৰ মৃত্যু হৈছিল। ১৯৭৭ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯৯১ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক সত্যজিৎ ৰায়ক বিশেষ অস্কাৰ বঁটা প্ৰদান কৰা হৈছিল।
➡️১৫০৩ চনৰ ১৪ ডিচেম্বৰ তাৰিখে ফৰাচী চিকিৎসক তথা প্ৰসিদ্ধ জ্যোতিৰ্বিদ নষ্টাডামাছৰ জন্ম হৈছিল।

You might also like
Leave A Reply

Your email address will not be published.