আৰক্ষীৰ বাছত উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ

জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ। আজি জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত এখন বাছত উগ্ৰপন্থীয়ে গুলীচালনা কৰাৰ ফলত আহত হৈছে কমেও ১৪ জন আৰক্ষীৰ জোৱান । আৰক্ষীৰ জোৱান কঢ়িয়াই নিয়া বাছখনত এই আক্ৰমণ চহৰৰ উপকণ্ঠৰ পান্থা চ’ক অঞ্চলত সংঘটিত হয়।

আহত আৰক্ষীৰ লোক সকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হয়। ইতিমধ্যে অঞ্চলটো ঘেৰাও কৰি উগ্ৰপন্থীৰ সন্ধানত ব্যাপক অভিযান আৰম্ভ কৰিছে সেনা- আৰক্ষীৰ দলে।।

You might also like
Leave A Reply

Your email address will not be published.