দাৰা আহমেদ আৰু নাই

ব্যুৰ’ ৰিপ’ৰ্ট,এন ই ভাৰত

বিশিষ্ট চলচ্চিত্ৰ পৰিচালক দাৰা আহমেদ আৰু নাই। আজি পুৱা মহানগৰীৰ এপ’ল’ হস্পাটালত শেষ নিশ্বাস ত্যাগ কৰে ভালে সংখ্যক জনপ্ৰিয় অসমীয়া ছবিৰ পৰিচালক গৰাকীয়ে।প্ৰতিদান,বৰদৈচিলা,উৰ্বশী,জখিনী,ৰিক্সাৱালা আদি জনপ্ৰিয় ছবি সমুহৰ পৰিচালক আছিল দাৰা আহমেদ। যশশ্বী পৰিচালক গৰাকীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে ৰাজ্যৰ সাংস্কৃতিক মহল।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰি দাৰা আহমেদৰ মৃত্যুয়ে ৰাজ্যৰ সাংস্কৃতিক জগতত গভীৰ শূণ্যতাৰ সৃষ্টি কৰিলে বুলি মন্তব্য প্ৰকাশ কৰিছে।বিশিষ্ট চলচ্চিত্ৰ পৰিচালক গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও।।

You might also like
Leave A Reply

Your email address will not be published.