নিষিদ্ধ ব্ৰায়ানা মেকনীল

স্পৰ্টছ ডেস্ক, এন ই ভাৰত

অলিম্পিক চেম্পিয়ন ব্ৰায়ানা মেকনীলৰ ওপৰত পাঁচ বছৰীয়া নিষেধাজ্ঞা

আমেৰিকান এথলিট ব্ৰায়ানা মেকনীলৰ ওপৰত আৰোপ কৰা হৈছে পাঁচ বছৰীয়া নিষেধাজ্ঞা। এই নিষেধাজ্ঞা খেলুৱৈ গৰাকীয়ে এন্টি ড’পিং নিয়ম ভংগ কৰাৰ বাবে । ২৯ বছৰীয়া মেকনীলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে এথলেটিকছ ইন্টিগ্ৰিটি ইউনিটে (AIU)। অবশ্যে খেলুৱৈ গৰাকীয়ে টকিঅ’ অলিম্পিকত ভাগ ল’বৰ বাবে নিজ দেশৰ ট্ৰায়েলত অংশ গ্ৰহণ কৰিব পাৰিব । লগতে , নিষেধাজ্ঞা ৰদ কৰাৰ বাবে আবেদনো কৰিব পাৰিব।

উল্লেখ্য যে,ব্ৰায়ানা মেকনীলৰ ওপৰত ২০১৭ চনত ড’পিং টেষ্টত উপস্থিত নথকাৰ বাবে এবছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.