ঢেকিয়াজুলি প্ৰেছ ক্লাবত শ্ৰদ্ধাঞ্জলী অনুষ্ঠান

ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সম্পাদক চন্দ্ৰকান্ত গোস্বামীৰ মৃত্যু বাৰ্ষিকীত প্ৰয়াত সাংবাদিক গৰাকীক সশ্ৰদ্ধ স্মৰণ কৰা হয়৷ সোমবাৰে অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ মুখ্য উপদেষ্টা ৰমেশ বৰা,কাৰ্য্যকৰী সভাপতি তপন চক্ৰৱৰ্তী,সহকাৰী সম্পাদকদ্বয় ইন্দ্ৰজিৎ শৰ্মা, বগা তপ্ন,হিচাপ পৰীক্ষক দিলীপ নাথ,পত্ৰিকা সম্পাদক পংকজ দেৱ,সক্ৰিয় সদস্য নাৰায়ণ ফয়েল,শনি দৈমাৰী আৰু অমিত বনিক।ঢেকিয়াজুলি প্ৰেছ ক্লাৱৰ উত্তৰণত প্ৰয়াত সাংবাদিক গৰাকীৰ প্ৰচেষ্টাৰ বিষয়ে উপস্থিত আটায়ে কৃতজ্ঞতাৰে সোঁৱৰে।।

You might also like
Leave A Reply

Your email address will not be published.