নিউজ ডেস্ক—ক’ভিডৰ তৃতীয় ঢৌৱে জটিল কৰিছে ৰাজ্যৰ পৰিস্থিতি। ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘন্টাত নতুনকৈ ক‘ভিডত আক্ৰান্ত হৈছে ৬,৮৯৭ গৰাকী লোক। ইয়াৰে ১,৫৬১ আক্ৰান্ত গুৱাহাটী মহানগৰীৰ। মৃত্যুমুখত পৰিছে ১৫ গৰাকী আক্ৰান্ত।পজিটিভিটীৰ হাৰ ১২.১৩ শতাংশ। আৰোগ্যৰ হাৰ ৯২.৩১ শতাংশ।
আনহাতে দেশত দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্তৰ সংখ্যা ৩,৩৭,৭০৪ গৰাকী । মৃত্যুমুখত পৰিছে ৪৮৮ গৰাকী আক্ৰান্ত। পজিটিভিটীৰ হাৰ ১৭.২২ শতাংশ। আৰোগ্যৰ হাৰ ৯৩.৩১ শতাংশ।