➡️আজিৰ দিনটো আন্তৰ্জাতিক মেধাসম্পন্ন দিৱস হিচাপে পালন কৰা হয়।
➡️১৪৭৮ চনৰ এই দিনটোত সমগ্ৰ বিশ্বতে প্ৰথমবাৰৰ বাবে ইষ্টাৰ উৎসৱ পালন কৰা হৈছিল। খ্ৰীষ্টানসকলৰ মাজত যীশুখ্ৰীষ্টৰ মৃত্যুৰ পিছত সমাধিৰ পৰা উঠি আহিছিল বুলি বিশ্বাস প্ৰচলিত হয়। মৃত্যুৰ পৰা যীশু পুনৰ্জীৱিত হোৱা এই দিনটোত তেওঁলোকে ইষ্টাৰ উৎসৱ পালন কৰে।
➡️১৫৬৪ চনৰ ২৬ এপ্ৰিল তাৰিখে ইংৰাজ নাট্যকাৰ, কবি উইলিয়াম শ্বেক্সপীয়েৰৰ জন্ম হৈছিল।
➡️১৯২০ চনৰ আজিৰ দিনটোতে বিশিষ্ট গণিতজ্ঞ শ্ৰীনিৱাস ৰামানুজনৰ মৃত্যু হৈছিল। এটা গোটা সংখ্যক দুটা সৰু সৰু গোটা সংখ্যাৰ যোগফল হিচাপে কিমান ধৰণে প্ৰকাশ কৰিব পাৰি, তাক নিৰ্ণয় কৰিব পৰাৰ বাবে ৰামানুজনৰ বিখ্যাত আছিল।
➡️১৯২১ চনৰ এই দিনটোতে শ্ৰমিক নেতা নিবাৰণ বৰাৰ জন্ম হৈছিল।
➡️১৯৪৫ চনৰ ২৬ এপ্ৰিল তাৰিখে ভাৰতীয় ক্ৰিকেটাৰ (পিছলৈ আম্পায়াৰ) ভি কে ৰামস্বামীৰ জন্ম হৈছিল। এওঁ ১৯৯৬ চনৰ বিশ্বকাপত আম্পায়াৰিং কৰিছিল।
➡️১৯৭৫ চনৰ আজিৰ দিনটোতে ছিকিমক ভাৰতৰ অংগৰাজ্য হিচাপে গণ্য কৰি সংসদত এখন বিধেয়ক গৃহীত হৈছিল। এই বিধেয়ক পিছত আইনত পৰিণত হয় আৰু সেই অনুসৰি ১৯৭৫ চনৰে ১৬ মে’ৰ পৰা ছিকিমে ভাৰতৰ অংগৰাজ্যৰ মৰ্যাদা লাভ কৰে।
➡️১৯৮৬ চনৰ ২৬ এপ্ৰিল তাৰিখে ৰাছিয়াৰ ছেৰনোবিল পাৰমাণৱিক উৎপাদন কেন্দ্ৰত সংঘটিত ভয়াৱহ দুৰ্ঘটনাত ৩১ জনৰ মৃত্যু হৈছিল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ২৬ এপ্ৰিল
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like